\id LUK \ide UTF-8 \ide UTF-8 \rem copyright Information: Creative commons Attribution- ShareAlike 4. 0 License \h লূকে লিখা শুভবার্তা \toc1 লূকে লিখা শুভবার্তা \toc2 লূক \toc3 লূক \mt লূকে লিখা শুভবার্তা \is গ্রন্থ ৰচয়িতা \ip প্রাচীন লোকসকলৰ অভিন্ন বিশ্বাস যে, লেখক লুক এজন চিকিৎসক আছিল আৰু তেঁৱে এই লেখা লিখিছিল, তেওঁ দ্বিতীয় প্রজন্মৰ খ্রীষ্টিয়ানসকলৰ মাজৰ পৰা আবির্ভুত হৈছিল। প্রথাগতভাবে তেওঁক এজন অনা-যিহূদী হিচাবে দেখা যায়, তেওঁ আছিল প্রাথমিক স্তৰত এজন প্রচাৰক, তেঁৱেই এই শুভবার্তা আৰু পাঁচনিৰ কৰ্ম পুস্তক লিখিছিল আৰু তেওঁ পৌলৰ মিছনাৰী কর্মৰ সংগী আছিল। (কলচীয়া 4:14; 2 তীম. 4:11; ফিলিপীয়া 2:4)। \is লিখাৰ স্থান আৰু সময় \ip সম্ভবতঃ সময় প্রায় 60-80 খ্রীষ্টাব্দ। \ip লুকে তেওঁৰ এই লেখা কৈচৰিয়াত আৰম্ভ কৰিছিল আৰু ৰোমত সমাপ্ত কৰিছিল। লেখাৰ মূল স্থান আছিল বৈৎলেহেম, গালীল, যিহূদীয়া আৰু যিৰূচালেম। \is প্রাপক \ip লুকৰ এই পুস্তক খন থিয়’ফিলাচলৈ উৎসর্গ কৰা হৈছিল, এই নামৰ অর্থ হ’ল ‘ঈশ্বৰ প্রেমিক’। এইটো স্পষ্ট আছিল যে, তেওঁ ইতিমধ্যে এজন খ্রীষ্টিয়ান আছিল অথবা তেওঁ এজন হিচাপে বিবেচিত আছিল। প্রকৃততে লুকে তেওঁক অতি উত্তম বুলি চিনাক্ত কৰে (লূক 1:3) হয়তো তেওঁ এজন ৰোমান কর্মকর্তা আছিল, ইয়াত তেওঁ অনা-যিহূদী শ্রোতাৰ বাবে বিভিন্ন তথ্যগত কথা লিখিছে আৰু তেওঁৰ এই লেখাৰ প্রধান লক্ষ্যই হ’ল মানুহৰ পুত্র আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্রকাশ কৰা (লুক 5:24, 19:10, 17:20-21; 13:18)। \is উদ্দেশ্য \ip এই পুস্তক খন হ’ল যীচুৰ জীৱনৰ এক বর্ণনা, লুকে যীচুক মানুহৰ পুত্র হিচাপে উপস্থাপন কৰিছে, তেওঁ এয়া থিয়’ফিলাচৰ প্রতি লিখিছে, যাতে তেওঁ যি শিকিলে-বুজিলে, সেয়া যাতে তেঁৱো ভালদৰে বুজি পাব পাৰে (লুক 1:4)। লুক হ’ল এক নিপীড়ন সময়ত খ্রীষ্ট বিশ্বাসৰ এটা প্রতিৰক্ষা লেখা আছিল, ইয়ে দেখুৱাই যে যীচু খ্রীষ্টৰ অনুসৰণকাৰীসকলৰ সম্পর্কত প্রতিষ্ঠান বিৰোধী বা অশুভ একোৱে নাছিল। মূল বিষয় যীচু- প্রকৃত মানুহ। \is মূল বিষয় \ip যীচু- প্রকৃত মানুহ। \iot প্রান্তৰেখা \io1 1. যীচুৰ জন্ম আৰু প্ৰাৰম্ভিক জীৱন — 1:5-2:52 \io1 2. যীচুৰ কর্মৰ আৰম্ভণি — 3:1-4:13 \io1 3. যীচু হ’ল পৰিত্রাণৰ লেখক — 4:14-9:50 \io1 4. ক্রুচত যীচুৰ অগ্রগতি — 9:51-19:27 \io1 5. যীচুৰ তূৰীধ্বনিৰে যিৰূচালেমত প্রৱেশ, ক্রুচবিদ্ধ আৰু পুনৰুত্থান — 19:28-24:53 \c 1 \cl 1 অধ্যায় \s পাতনি \p \v 1 আমাৰ মাজত যিবোৰ ঘটনা ঘটিল, সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে। \v 2 আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে। \v 3 এই হেতুকে, হে মহামহিম থিয়ফিল, এই সম্বন্ধে মই প্রথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলোঁ আৰু সেয়ে আপোনালৈ একাদিক্রমে লিখা উচিত হব যেন দেখিলোঁ। \v 4 মই ইচ্ছা কৰোঁ, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে। \s যোহন বাপ্তাইজকৰ জন্মৰ বিষয়ে স্বর্গৰ দূতে জনোৱা \p \v 5 যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত \f + \fr 1:5 \fr*\ft ‘অবিয়ৰ দল’- পুৰোহিতৰ দল। ইহুদী পুৰোহিত সকল 24 টা দলত বিভক্ত আছিল। 1 বংশাৱলী 24।\ft*\f*অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল। \v 6 এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল। \v 7 কিন্তু এলীচাবেৎ বন্ধ্যা হোৱা কাৰণে, তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধ আছিল। \p \v 8 এদিন নিজৰ দলৰ পাল ক্রমে পুৰোহিতৰ দায়িত্ব পোৱাত, জখৰিয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কার্য কৰি আছিল; \v 9 কিয়নো পুৰোহিত সকলৰ কার্য-প্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল। \v 10 ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল। \v 11 এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰিয়াৰ সন্মুখত উপস্থিত হৈ ধূপ বেদিৰ সোঁফালে থিয় হ’ল। \v 12 স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল। \v 13 কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।” \v 14 তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব। \v 15 কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব। \v 16 ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব। \v 17 তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব। \v 18 তেতিয়া জখৰিয়াই সেই দূতক ক’লে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।” \v 19 তাতে দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল। \v 20 চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।” \p \v 21 আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল। \v 22 পাছত তেওঁ যেতিয়া বাহিৰলৈ আহিল, লোক সকলৰ লগত একো কথা কব নোৱাৰিলে; তেতিয়া লোক সকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দর্শন পাইছে। কিন্তু তেওঁ লোক সকলৰ সৈতে ইংগিতেৰেহে কথা পাতিলে, মুখেৰে কোনো কথা কব নোৱাৰিলে। \v 23 ইয়াৰ পাছত তেওঁৰ সেৱা কার্যৰ পাল সম্পূর্ণ হোৱাত, তেওঁ নিজৰ ঘৰলৈ গ’ল। \p \v 24 কিছুদিনৰ পাছত তেওঁৰ ভার্যা এলীচাবেৎ গর্ভৱতী হ’ল; আৰু পাঁচ মাহলৈকে ঘৰৰ পৰা বাহিৰ নোলাল। তেওঁ ক’লে \v 25 “এই কার্য মোৰ বাবে প্রভুৱে কৰিলে। মানুহৰ মাজত মোৰ লজ্জা দূৰ কৰিবলৈ তেওঁ মোৰ ফালে দয়াৰ দৃষ্টি কৰিলে।” \s যীচুৰ জন্মৰ বিযয়ে স্বৰ্গৰ দূতে জনোৱা \p \v 26 এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে। \v 27 এই কুমাৰী ৰজা দায়ুদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগ্দান কৰা আছিল। \v 28 তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।” \v 29 কিন্তু এই কথা শুনি মৰিয়মৰ উগুল-থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে “ই কেনে মঙ্গলবাদ!” \p \v 30 স্বর্গৰ দূতে তেওঁক ক’লে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা। \v 31 চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা। \v 32 তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব; \v 33 যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।” \v 34 তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।” \v 35 তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব, \v 36 আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী। \v 37 কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।” \v 38 মৰিয়মে ক’লে, “প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰে হওক।” ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ’ল। \s এলীচাবেতৰ লগত মৰিয়মৰ সাক্ষাৎ \p \v 39 তেতিয়া মৰিয়মে উঠি বেগাবেগিকৈ যিহুদীয়াৰ পার্বত্য অঞ্চলৰ এখন নগৰলৈ গ’ল \v 40 তাত জখৰিয়াৰ ঘৰত সোমাই মৰিয়মে এলীচাবেতক অভিবাদন জনালে। \v 41 তাতে মৰিয়মৰ সেই মঙ্গলবাদ শুনা মাত্রেই, এলীচাবেতৰ গর্ভৰ শিশুটি নাচি উঠিল; আৰু এলীচাবেত পবিত্ৰ আত্মাৰে পূর্ণ হ’ল। \v 42 তাৰ পাছত এলীচাবেতে বৰ ডাঙৰ মাতেৰে কবলৈ ধৰিলে, “তিৰোতা সকলৰ মাজত তুমি ধন্যা; আৰু তোমাৰ গর্ভফলো ধন্য। \v 43 মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিছে, মোৰ এনে সৌভাগ্য কেনেকৈ হ’ল? \v 44 কিয়নো তোমাৰ মঙ্গলবাদৰ স্বৰ মোৰ কাণত পৰাৰ লগে লগে, মোৰ গর্ভৰ শিশুটি উল্লাসত নাচি উঠিল। \v 45 তুমি ধন্যা; কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল, সেই সকলো সিদ্ধ হব বুলি তুমি বিশ্বাস কৰিলা।” \s মৰিয়মে ঈশ্বৰৰ প্রশংসা কৰা \p \v 46 তেতিয়া মৰিয়মে ক’লে, \q “মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে, \q \v 47 মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে। \q \v 48 কিয়নো তেওঁ তেওঁৰ দাসীৰ নীহ অৱস্থালৈ চালে; \q আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব। \q \v 49 কিয়নো পৰাক্ৰমী জনে মোৰ কাৰণে মহৎ কর্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ। \q \v 50 যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে। \q \v 51 তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। \q নিজ নিজ অন্তৰত অহংকাৰ কৰা সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে। \q \v 52 তেওঁ শাসক সকলক সিংহাসনৰ পৰা নমাই দিলে, কিন্তু নীহ লোকক তুলি ধৰিলে। \q \v 53 তেওঁ ক্ষুধাতুৰ লোকক উত্তম বস্তু দিলে আৰু ধনৱন্তক শুদা-হাতে পঠাই দিলে। \q \v 54 তেওঁ নিজৰ দাস ইস্ৰায়েলক সাহায্য কৰিলে, তেওঁ দয়ালু; \q \v 55 অব্রাহাম আৰু তেওঁৰ বংশলৈ চিৰকাল দয়া কৰিবৰ কাৰণে, \q যেনেকৈ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ ওচৰত প্রতিজ্ঞা কৰিছিল, সেই বিষয় তেওঁ সোঁৱৰণ কৰিলে।” \p \v 56 পাছত এলীচাবেতৰ লগত মৰিয়ম তিনি মাহ মান থাকি নিজৰ ঘৰলৈ উলটি আহিল। \s যোহন বাপ্তাইজকৰ জন্ম \p \v 57 পাছত এলীচাবেতৰ প্ৰসৱৰ কাল পূৰ্ণ হোৱাত, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে। \v 58 তাতে ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনে যেতিয়া শুনিলে যে প্ৰভুৱে তেওঁৰ প্রতি দয়া কৰিলে, তেতিয়া সকলোৱে তেওঁৰে সৈতে আনন্দ কৰিলে। \v 59 তাৰ পাছত আঠ দিনৰ দিনা তেওঁলোকে শিশুটিক লৈ চুন্নৎ কৰিবলৈ আহিল আৰু সকলোৱে বাপেকৰ নাম অনুসাৰে শিশুৰ নাম জখৰিয়া থব খুজিছিল; \v 60 কিন্তু মাকে উত্তৰ দি ক’লে, “নহয় ইয়াৰ নাম যোহন হব।” \v 61 তেতিয়া তেওঁলোকে এলীচাবেতক ক’লে, “তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।” \v 62 পাছত তেওঁলোকে সংকেত দি ল’ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে, তেওঁ কি নাম দিব ইচ্ছা কৰে। \v 63 তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, “ইয়াৰ নাম ‘যোহন’।” তাতে সকলোৱে বিস্ময় মানিলে। \v 64 তেতিয়াই জখৰিয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গ’ল আৰু তেওঁ ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে। \v 65 তেতিয়া আশে-পাশে থকা লোক সকল আচৰিত হ’ল আৰু যিহুদীয়াৰ গোটেই পার্বত্য অঞ্চলৰ লোক সকলে যি ঘটিল সেই বিষয়ে কোৱা-কুই কৰিবলৈ ধৰিলে। \v 66 যি সকলে এই কথা শুনিলে, তেওঁলোকে মনে মনে বিষয়টো ভাৱি কবলৈ ধৰিলে, “ভৱিষ্যতে এই ল’ৰা তেনেহলে কি হব?” কিয়নো তেওঁলোকে বুজিছিল যে প্ৰভুৰ হাত তেওঁৰ লগত আছে। \s জখৰিয়াই ঈশ্বৰৰ প্রশংসা কৰা \p \v 67 পাছত ল’ৰা জনৰ পিতৃ জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, এই ভাবোক্তি প্ৰচাৰ কৰিলে। \q \v 68 ‘ইস্ৰায়েলৰ প্ৰভু ঈশ্বৰৰ প্রশংসা হওক; \q কিয়নো তেওঁ নিজৰ মানুহবোৰক সহায় কৰিবলৈ আৰু তেওঁলোকক মুক্ত কৰিবলৈ আহিছে। \q \v 69 তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী ত্রাণকর্তাক দিলে। \q \v 70 এই বিষয়ে ঈশ্বৰে পবিত্র ভাৱবাদী সকলৰ দ্বাৰা পূৰ্বতে কৈছিল। \q \v 71 তেওঁ শত্রু সকলৰ হাতৰ পৰা আৰু যি সকলে \q আমাক ঘৃণা কৰে, সেই সকলোৰে হাতৰ পৰা \q আমাক ৰক্ষা কৰাৰ প্রতিশ্রুতি দিলে। \q \v 72 তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাব আৰু \q তেওঁৰ পবিত্র বিধান সোঁৱৰণ কৰাব; \q \v 73 এই বিধান হৈছে প্রতিজ্ঞা, যি আমাৰ পূর্বপুৰুষ অব্রাহামক তেওঁ দিছিল। \q \v 74 শত্রুবোৰৰ হাতৰ পৰা আমাক মুক্ত কৰিম বুলি তেওঁ \q প্রতিশ্রুতি দিলে, যাতে আমি নির্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰোঁ, \q \v 75 আৰু আমাৰ জীৱনৰ আয়ুসৰ কালত পবিত্র আৰু ধাৰ্মিকতাৰে সেৱা কৰি থাকিব পাৰোঁ। \q \v 76 হে মোৰ সন্তান, তোমাক সর্বোপৰি জনৰ ভাৱবাদী বুলি কোৱা হব; \q কিয়নো তুমি প্রভুৰ আগমণৰ কাৰণে লোক সকলক যুগুত কৰিবলৈ তেওঁৰ আগে আগে যাবা। \q \v 77 লোক সকলক পাপৰ ক্ষমা লাভৰ দ্বাৰা পৰিত্রাণ পোৱাত সহায় পাবলৈ শিক্ষা দিবা। \q \v 78 ঈশ্বৰে আমাক ক্ষমা কৰিব, কাৰণ তেওঁ কোমল চিত্তৰ আৰু দয়ালু। \q তেওঁ কৰুণাৰে পুৱাৰ অৰুণৰ দৰে ত্রাণকর্তাই স্বর্গৰ পৰা আমাক সহায় কৰিবলৈ আহিব। \q \v 79 তেওঁ অন্ধকাৰ আৰু মৃত্যুছায়াত বহি থকা লোক সকলক পোহৰ দিব। \q তেওঁ আমাৰ ভৰি শান্তিৰ পথত গমন কৰাব’। \p \v 80 এনেদৰে যোহন বাপ্তাইজক বাঢ়িবলৈ ধৰিলে আৰু আত্মাত শক্তিশালী হৈ উঠিল; ইস্ৰায়েল জাতিৰ আগত মুকলিকৈ প্ৰকাশ হোৱাৰ আগলৈকে তেওঁ মৰুপ্ৰান্তত বাস কৰিছিল। \c 2 \cl 2 অধ্যায় \s যীচু খ্ৰীষ্টৰ জন্ম \p \v 1 সেই সময়ত চীজাৰ আগষ্টচে\f + \fr 2:1 \fr*\ft চীজাৰ আগষ্টচ - দ্বিতীয় ৰোম সম্রাট চীজাৰ (30 খ্রী:পূ:-14 খ্রীষ্টাব্দ) \ft*\f* নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক। \v 2 চিৰিয়াৰ ৰাজ্যপাল কুৰীণীয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল। \v 3 সেয়ে, নাম লিখাবৰ বাবে প্রত্যেকে নিজৰ নিজৰ নগৰলৈ গ’ল। \p \v 4 ৰজা দায়ুদৰ বংশধৰ হোৱা হেতুকে যোচেফেও গালীল প্রদেশৰ নাচৰত নগৰৰ পৰা দায়ুদৰ নগৰ নামেৰে খ্যাত যিহূদাৰ বৈৎলেহম নগৰলৈ গ’ল। \v 5 যোচেফে তেওঁলৈ বাগ্দান কৰা মৰিয়মকো লগত লৈ নাম লিখাবৰ বাবে গ’ল। সেই সময়ত মৰিয়ম গর্ভৱতী আছিল। \v 6 পাছত তেওঁলোক তাতে থাকোতে, মৰিয়মৰ প্ৰসৱৰ কাল পূৰ্ণ হ’ল। \v 7 তেওঁ নিজৰ প্রথম পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে; কাৰণ অতিথিশালাত তেওঁলোকৰ কাৰণে থকা ঠাই নাছিল। \s যীচুৰ বিষয়ে স্বর্গৰ দূতে মেষৰখীয়াক জনোৱা \p \v 8 সেই অঞ্চলত কিছুমান মেষৰখীয়াই ৰাতি পথাৰত নিজৰ নিজৰ জাকবোৰ পহৰা দি আছিল। \v 9 হঠাতে প্ৰভুৰ দূত এজন আহি তেওঁলোকৰ ওচৰত উপস্থিত হ’ল আৰু তেতিয়াই প্রভুৰ মহিমা তেওঁলোকৰ চাৰিওফালে উজ্জ্বল হৈ প্ৰকাশিত হ’ল; তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। \v 10 তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰোঁ যে, \v 11 আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু খ্ৰীষ্ট। \v 12 তোমালোকলৈ এয়ে চিন হব যে, ল’ৰা জনক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা।” \p \v 13 তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ ল’লে আৰু ঈশ্বৰৰ প্রশংসা কৰি কবলৈ ধৰিলে, \q \v 14 “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, \q আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।” \p \v 15 পাছত স্বর্গৰ দূত সকল তেওঁলোকৰ ওচৰৰ পৰা স্বৰ্গলৈ উলটি যোৱাত মেষৰখীয়াবোৰে পৰস্পৰে কোৱা-কুই কৰিলে, “ব’লা, এতিয়া আমি বৈৎলেহমলৈ যাওঁহক; যি ঘটনাৰ কথা প্রভুৱে আমাৰ আগত ঘোষণা কৰিলে, তাকে চাবলৈ যাওঁ ব’লা।” \v 16 তাৰ পাছত তেওঁলোকে বেগাই বিচাৰি গ’ল, তাতে বিচাৰি যোৱাত মৰিয়ম, যোচেফ, আৰু দানা পাত্ৰত শুৱাই থোৱা ল’ৰা জনক দেখা পালে। \v 17 এইদৰে দেখাৰ পাছত শিশুটিৰ বিষয়ে তেওঁলোকক যি যি কথা দূতে কৈছিল, সেই সকলো কথা তেওঁলোকে লোক সকলক জনালে। \v 18 তাতে মেষৰখীয়া সকলৰ কথা শুনি সকলোৱে বিস্ময় মানিলে। \v 19 কিন্তু মৰিয়মে হলে সেইবোৰ কথা মনতে সাঁচি থলে আৰু সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। \v 20 ইয়াৰ পাছত মেষৰখীয়াবোৰে তেওঁলোকক যি দৰে কোৱা হৈছিল, সেই অনুসাৰে সকলো দেখি আৰু শুনি তেওঁলোকে ঈশ্বৰৰ প্রশংসা স্তুতি কৰি ঘৰলৈ উলটি গ’ল। \p \v 21 পাছে আঠ দিনৰ পাছত, যেতিয়া তেওঁৰ চুন্নৎ কৰিবৰ সময় হ’ল, তেতিয়া তেওঁলোকে শিশুটিৰ নাম যীচু ৰাখিলে; তেওঁ মাতৃগর্ভত স্থিতি হোৱাৰ আগেয়ে স্বর্গৰ দূতে এই নাম দিছিল। \s শিশু যীচুক মন্দিৰলৈ নিয়া আৰু চিমিয়োনে যীচুক দেখা \p \v 22 মোচিৰ বিধান অনুসাৰে শুচিকৰণৰ দিন উপস্থিত হোৱাত যোচেফ আৰু মৰিয়মে শিশু যীচুক প্রভুৰ ওচৰত উপস্থিত কৰিবৰ কাৰণে তেওঁলোক যিৰূচালেমত থকা মন্দিৰলৈ আনিলে। \v 23 কাৰণ প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে যে “প্ৰথমে জন্মা প্ৰতিজন পুত্র সন্তানক প্রভুৰ উদ্দেশ্যে ‘পবিত্ৰ’ বুলি কোৱা হব।” \v 24 আৰু “এযোৰ কপৌ বা দুটা পাৰ পোৱালি” বলিদান কৰাৰ কথা যি দৰে প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে, তাক উৎসর্গ কৰিবলৈকো তেওঁলোক যিৰূচালেমলৈ আহিল। \p \v 25 তেতিয়া যিৰূচালেমত চিমিয়োন নামেৰে এজন ধাৰ্মিক আৰু ঈশ্বৰভক্ত লোক আছিল আৰু তেওঁ ইস্ৰায়েলৰ সান্ত্বনাৰ কাৰণে অপেক্ষা কৰি আছিল। পবিত্ৰ আত্মা তেওঁৰ সৈতে আছিল। \v 26 প্ৰভুৰ অভিষিক্ত \f + \fr 2:26 \fr*\fq অভিষিক্ত \fq*\ft খ্ৰীষ্ট\ft*\f*জনক দেখা নাপায় মানে, তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল। \p \v 27 সেইদিনা পবিত্র আত্মাৰ দ্বাৰা চালিত হৈ চিমিয়োন মন্দিৰলৈ আহিছিল। বিধানৰ বিধান পালন কৰিবলৈ মাক-বাপেকে শিশু যীচুক ভিতৰলৈ আনিলে। \v 28 তেতিয়া চিমিয়োনে যীচুক কোলাত লৈ ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, \q1 \v 29 “হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক। \q1 \v 30 কিয়নো মোৰ চকুৱে আপোনাৰ পৰিত্রাণ দেখা পালে, \q \v 31 যি পৰিত্রাণ আপুনি সকলো লোকৰ সাক্ষাতে প্রস্তুত কৰিলে। \q1 \v 32 তেওঁ অনা-ইহুদী সকলৰ আগত সত্য প্রকাশ কৰাৰ এক পোহৰ হব আৰু তেৱেঁই আপোনাৰ প্রজা ইস্ৰায়েল লোকৰ গৌৰৱ হব।” \p \v 33 শিশুটিৰ বিষয়ে চিমিয়োনে যি সকলো কথা ক’লে, সেই বিষয় শুনি মাক-বাপেক বিস্মিত হৈ গ’ল। \v 34 তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্ৰায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হব আৰু তেওঁ এনে এক চিন হ’ব যাৰ বিৰুদ্ধে অনেকেই কথা কব; \v 35 তাতে বহু লোকৰ মনৰ ভাৱনা প্রকাশ হৈ পৰিব আৰু তোমাৰ নিজৰ হৃদয় শূলে বিন্ধিব।” \s হান্নাই যীচুক দেখা \p \v 36 সেই ঠাইতে হান্না নামৰ এগৰাকী ভাববাদিনী আছিল। তেওঁ আচেৰ ফৈদৰ পনুৱেলৰ জীয়েক। তেওঁৰ অনেক বয়স হৈছিল। বিবাহৰ পাছত তেওঁ স্বামীৰ সৈতে সাত বছৰ থাকিল \v 37 আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল। \v 38 ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে ক’বলৈ ধৰিলে। \p \v 39 প্ৰভুৰ বিধানৰ মতে কৰিবলগীয়া সকলো নিয়ম সম্পূর্ণ কৰি যোচেফ আৰু মৰিয়ম নিজৰ নগৰ গালীল প্ৰদেশৰ নাচৰতলৈ উলটি আহিল। \v 40 পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল। \s যীচুৰ কৈশোৰ কাল \p \v 41 \f + \fr 2:41 \fr*\ft নিস্তাৰ পর্ব: ইহুদী সকলৰ এটি গুৰুত্বপূর্ণ পবিত্র দিন। ঈশ্বৰে মোচিৰ দ্বাৰা তেওঁলোকক মিচৰৰ বন্দী অৱস্থাৰ পৰা মুকলি কৰি আনিছিল। এই দিনত তাক স্মৰণ কৰে।\ft*\f* নিস্তাৰ-পৰ্ব পালন কৰিবলৈ প্রত্যেক বছৰে যীচুৰ মাক আৰু বাপেক যিৰূচালেমলৈ যায়। \v 42 যীচুৰ বয়স যেতিয়া বাৰ বছৰ, তেতিয়া তেওঁলোকে যথা ৰীতি মতে সেই পর্বলৈ গৈছিল। \v 43 পর্বৰ সকলো ৰীতি শেষ কৰি তেওঁলোক যেতিয়া ঘৰলৈ উলটি আহিছিল, তেতিয়া ল’ৰা যীচু যিৰূচালেমতে ৰৈ গ’ল; কিন্তু তেওঁৰ মাক-বাপেকে এই কথা জনা নাছিল। \v 44 তেওঁলোকৰ সৈতে যাত্রা কৰা দলৰ লগতে যীচু আছে বুলি ভাবি, তেওঁলোক এদিনৰ বাট গ’ল। পাছত তেওঁলোকে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত তেওঁক বিচাৰিবলৈ ধৰিলে। \v 45 কিন্তু মানুহৰ মাজত বিচাৰি নাপায় যিৰূচালেমলৈ পুণৰ ঘূৰি আহি তেওঁলোকে যীচুক তাত বিচাৰি ফুৰিব ধৰিলে। \v 46 তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল। \v 47 আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে। \v 48 মাক-বাপেকেও তেওঁক দেখি আচৰিত হ’ল৷ মাকে তেওঁক ক’লে, “বোপা, তুমি আমালৈ কিয় এইদৰে কৰিলা? তোমাৰ দেউতাৰা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ।” \v 49 তেতিয়া তেওঁলোকক তেওঁ ক’লে, \wj “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?”\wj* \v 50 কিন্তু তেওঁ কি কথা কব বিচাৰিছিল, সেই কথাৰ অৰ্থ তেওঁলোকে বুজি নাপালে। \p \v 51 তাৰ পাছত তেওঁলোকৰ লগত তেওঁ নাচৰতলৈ উভটি গ’ল আৰু তেওঁলোকৰ বাধ্য হৈ থাকিল। তেওঁৰ মাকে এই সকলো কথা মনত ৰাখিলে। \v 52 কিন্তু এইদৰে যীচু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে; আৰু ঈশ্বৰৰ অনুগ্ৰহ সৈতে, মানুহৰ প্রেমত অধিককৈ বাঢ়ি যাব ধৰিলে। \c 3 \cl 3 অধ্যায় \s যোহন বাপ্তাইজকৰ প্রচাৰ \p \v 1 তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা। \v 2 হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। \p সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল। \v 3 তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম\f + \fr 3:3 \fr*\ft বাপ্তিস্ম এটি গ্রীক শব্দ, যাৰ অর্থ হল কোনো ব্যক্তিক অলপ সময়ৰ কাৰণে পানীত ডুব দিয়া জলদীক্ষা।\ft*\f* লয়। \v 4 ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: \q1 “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, \q1 তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, \q1 তেওঁৰ বাট পোন কৰা। \q1 \v 5 আটাই উপত্যকা পূৰ কৰা হব, \q1 প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, \q1 একা-বেকা পথবোৰ পোন হব, \q1 খলা-বমা পথবোৰ সমান কৰা হব। \q1 \v 6 সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”\f + \fr 3:6 \fr*\ft যিচ 40:3-5\ft*\f* \p \v 7 তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে? \v 8 আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে। \v 9 গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।” \p \v 10 তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?” \v 11 তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।” \v 12 তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?” \v 13 তেওঁ সেই লোক সকলক ক’লে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।” \p \v 14 কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।” \p \v 15 লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত খ্ৰীষ্ট জন হয় নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল। \v 16 যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব। \v 17 শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।” \p \v 18 এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে। \v 19 ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে। \v 20 তেতিয়া হেৰোদে পূণৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে। \s যোহনৰ দ্বাৰা যীচুৰ বাপ্তিস্ম \p \v 21 সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল। \v 22 সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।” \s যীচু খ্রীষ্টৰ বংশাৱলী \p \v 23 প্রায় ত্রিশ বছৰ বয়সত যীচুৱে নিজৰ কার্য আৰম্ভ কৰিলে। লোক সকলৰ ধাৰণাত তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্র; \q1 \v 24 এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র; \q1 \v 25 যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র; \q1 \v 26 নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র; \q1 \v 27 যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ; \q1 \v 28 নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ; \q1 \v 29 এৰ যিহোচুৱাৰ পুত্র; যিহোচুৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ; \q1 \v 30 লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ; \q1 \v 31 ইলীয়াকীম মিলেয়াৰ পুত্র; মিলেয়া মিন্নাৰ; মিন্না মত্তথৰ; মত্তথ নাথনৰ; নাথন দায়ুদৰ; \q1 \v 32 দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ; \q1 \v 33 নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ; \q1 \v 34 যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ; \q1 \v 35 নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ; \q1 \v 36 চেলহ কৈননৰ পুত্র; কৈনন অর্ফকচদৰ; অর্ফকচদ চেমৰ; চেম নোহৰ; নোহ লেমকৰ পুত্ৰ; \q1 \v 37 লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহলালেলৰ; মহলালেল কৈননৰ পুত্ৰ; \q1 \v 38 কৈনন ইনোচৰ পুত্র; ইনোচ চেথৰ; চেথ আদমৰ পুত্ৰ; আদম ঈশ্বৰৰ পুত্ৰ। \c 4 \cl 4 অধ্যায় \s চয়তানৰ দ্বাৰা যীচু পৰীক্ষিত হোৱা \p \v 1 ইয়াৰ পাছত যীচু পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ যৰ্দ্দন নদীৰ পৰা উলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গ’ল।। \v 2 তাত চল্লিশ দিন ধৰি চয়তানে তেওঁক প্রলোভনত পেলাব বিচাৰিলে। এই চল্লিশ দিন যীচুৱে একোকে নাখালে; সেয়ে, এই সময় পাৰ হোৱাৰ পাছত তেওঁৰ ভোক লাগিল। \p \v 3 তেতিয়া চয়তানে যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ দিয়ক।” \v 4 যীচুৱে তাক উত্তৰ দিলে, \wj “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।”\wj*\f + \fr 4:4 \fr*\ft দ্বিতীয় বিৱৰণ 8:3\ft*\f* \p \v 5 তাৰ পাছত চয়তানে যীচুক এক ওখ ঠাইলৈ লৈ গ’ল আৰু মুহূর্ততে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে। \v 6 চয়তানে তেওঁক ক’লে, “এই সকলো ৰাজ্যৰ ক্ষমতা আৰু সেইবোৰৰ ঐশ্বর্য মই আপোনাক দিম, কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যি জনকে ইচ্ছা কৰোঁ, তেওঁকে এইবোৰ দিব পাৰোঁ। \v 7 এই হেতুকে আপুনি যদি মোৰ আগত প্ৰণিপাত কৰি মোৰ আৰাধনা কৰে, তেনেহলে এই সকলো আপোনাৰেই হব।” \v 8 তেতিয়া যীচুৱে উত্তৰ দি তাক ক’লে, “শাস্ত্রত লিখা আছে: \wj ‘তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা, আৰু তেওঁৰেই কেৱল সেৱা কৰিবা।’”\wj*\f + \fr 4:8 \fr*\ft দ্বিতীয় বিৱৰণ 6:13\ft*\f* \p \v 9 তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গ’ল আৰু মন্দিৰৰ সুউচ্চ চূড়াৰ ওপৰত থিয় কৰাই ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক। \v 10 কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: \p ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব\f + \fr 4:10 \fr*\ft গীতমালা 91:11\ft*\f*’ আৰু \p \v 11 ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব\f + \fr 4:11 \fr*\ft গীতমালা 91:12\ft*\f*’।” \p \v 12 তেতিয়া যীচুৱে উত্তৰ দি ক’লে, \wj “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।”\wj*\f + \fr 4:12 \fr*\ft দ্বিতীয় বিৱৰণ 6:16\ft*\f* \p \v 13 এইদৰে চয়তানে যীচুক পৰীক্ষা কৰাৰ পাছত আন সময়ত সুযোগ পোৱাৰ অপেক্ষাৰে যীচুক এৰি থৈ আতৰি গ’ল। \s যীচুৰ শিক্ষা আৰু নিজ নগৰত অগ্ৰাহ্য হোৱা \p \v 14 তাৰ পাছত যীচু আত্মাৰ শক্তিৰে গালীল প্রদেশলৈ উলটি গ’ল আৰু এই সংবাদ সেই অঞ্চলৰ চাৰিওদিশে বিয়পি পৰিল। \v 15 তেওঁ তেওঁলোকৰ নাম-ঘৰবোৰত শিক্ষা দিব ধৰিলে, আৰু সকলোৱে তেওঁৰ প্রশংসা কৰিলে। \p \v 16 এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত\f + \fr 4:16 \fr*\ft নাম-ঘৰ: এই ঠাইত ইহুদী সকলে প্রার্থনা, শাস্ত্রপাঠ আৰু সাধাৰণ সভাৰ কাৰণে গোট খায়।\ft*\f* সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল। \v 17 তেওঁৰ হাতত ভাৱবাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে: \q1 \v 18 \wj “প্ৰভুৰ আত্মা মোৰ ওপৰত আছে,\wj* \q1 \wj কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে।\wj* \q1 \wj তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা\wj* \q1 \wj আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে।\wj* \q1 \wj চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।\wj* \q1 \v 19 \wj ইয়াৰ উপৰি প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা\wj* \q1 \wj কৰিবলৈ মোক পঠালে।”\wj*\f + \fr 4:19 \fr*\ft যিচয়া 61:1-2\ft*\f* \p \v 20 পাছত যীচুৱে পুস্তক খন জপাই পৰিচাৰকৰ হাতত দিলে আৰু তেওঁ বহিল। সেই সময়ত নাম-ঘৰত উপস্থিত থকা লোক সকলৰ দৃষ্টি তেওঁৰ ওপৰত আছিল। \v 21 তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে, \wj “ধৰ্মশাস্ত্ৰৰ এই যি বচন আপোনালোকে শুনিলে, সেয়া আজি পূর্ণ হ’ল।”\wj* \p \v 22 তেওঁ কোৱা কথাৰ পক্ষে সকলোৱে সাক্ষ্য দিলে আৰু তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্মিত হ’ল। তেওঁলোকে ক’লে, “এওঁ যোচেফৰ পুতেক নহয় জানো?” \p \v 23 যীচুৱে তেওঁলোকক ক’লে, \wj “অৱশ্যেই আপোনালোকে প্রচলিত এই দৃষ্টান্তটো মোক কব, ‘বেজ, আগেয়ে নিজকে সুস্থ কৰা’। কফৰনাহূমত তুমি যি যি কার্য কৰিছা বুলি আমি শুনিছো, সেই সকলো ইয়াত নিজৰ গাওঁটো কৰা।”\wj* \v 24 তেওঁ পুনৰ ক’লে, \wj “মই সঠিক ভাবে আপোনালোকক কওঁ, কোনো ভাৱবাদী তেওঁৰ নিজৰ গাৱঁত গ্ৰাহ্য নহয়।\wj* \v 25 \wj মই সত্যতাৰে আপোনালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্ৰায়েল দেশত অনেক বিধৱা আছিল;\wj* \v 26 \wj কিন্তু তেওঁলোকৰ কোনো এজনীৰ ওচৰলৈকে এলিয়াক পঠোৱা হোৱা নাছিল, কেৱল চীদোন এলেকাৰ চাৰিফতত বাস কৰা অনা-ইহুদী বিধৱা এগৰাকীৰ কাষলৈহে পঠোৱা হৈছিল।\wj* \v 27 \wj পুণৰ ইলীচা ভাববাদীৰ দিনত ইস্ৰায়েলৰ মাজত অনেক কুষ্ঠ ৰোগী আছিল, কিন্তু তেওঁলোকৰ কোনো এজনকে সুস্থ কৰা হোৱা নাছিল, কেৱল চিৰিয়া দেশৰ নামানকহে সুস্থ কৰি শুচি কৰা হৈছিল।”\wj* \p \v 28 এইবোৰ কথা শুনি নাম-ঘৰৰ লোক সকল খঙত জ্বলি-পকি উঠিল। \v 29 তেওঁলোকে উঠি যীচুক বলেৰে নগৰৰ বাহিৰলৈ লৈ গ’ল আৰু তেওঁলোকে পাহাৰৰ চূড়াৰ পৰা তেওঁক ঠেলি তললৈ পেলাই দিয়াৰ মনোভাবেৰে তেওঁলোকৰ নগৰ খন যি পাহাৰৰ ওপৰত আছিল, সেই পাহাৰ খনৰ শেষ প্রান্তলৈকে তেওঁক লৈ গ’ল। \v 30 কিন্তু তেওঁ সেই লোক সকলৰ মাজেদিয়েই ওলাই আহিল আৰু তেওঁৰ পথত গুচি গ’ল। \s কফৰনাহূমত যীচুৱে বিশ্রামবাৰে উপদেশ দিয়া আৰু অনেকক সুস্থ কৰা \p \v 31 তাৰ পাছত যীচু গালীল প্ৰদেশৰ কফৰনাহূম চহৰলৈ গ’ল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোক সকলক নাম-ঘৰত উপদেশ দি আছিল। \v 32 তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে; কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল। \p \v 33 নাম-ঘৰত সেইদিনা অশুচি আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল, \v 34 “হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি প্রয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জন।” \v 35 যীচুৱে তাক ডবিয়াই কলে, \wj “মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!”\wj* তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ’ল। \p \v 36 ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?” \v 37 পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গ’ল। \p \v 38 যীচু নাম-ঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গ’ল। তাতে চিমোনৰ শাহুয়েক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে। \v 39 তেতিয়া যীচুৱে চিমোনৰ শাহুয়েকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে। \p \v 40 সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে। \v 41 তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আটাহ পাৰি কবলৈ ধৰিলে, “আপুনি ঈশ্বৰৰ পুত্ৰ!” কিন্তু তেওঁ সিহঁতক ডবিয়াই মুখ বন্ধ কৰি দিলে; কাৰণ সিহঁতে জানিছিল যে, তেৱেঁই খ্ৰীষ্ট। \p \v 42 যেতিয়া ৰাতিপুৱা হ’ল, যীচু ওলাই আহি এক নির্জন ঠাইলৈ গ’ল। তাতে জনতাৰ এটা বৃহৎ দলে তেওঁক বিচাৰি আহি তেওঁৰ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে। \v 43 কিন্তু তেওঁ তেওঁলোকক ক’লে, \wj “মই আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবার্তা ঘোষণা কৰিব লাগে, কাৰণ এই বাবেই মোক পঠোৱা হৈছে।”\wj* \p \v 44 তাৰ পাছত তেওঁ সমগ্র যিহূদা ৰাজ্যৰ নাম-ঘৰবোৰত প্রচাৰ কৰি ফুৰিলে। \c 5 \cl 5 অধ্যায় \s আচৰিতৰূপে অনেক মাছ ধৰা \p \v 1 এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহুলোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল। \v 2 এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে। \v 3 তাৰে এখন নাৱত যীচু উঠিল, সেই নাও খন চিমোনৰ আছিল। যীচুৱে তেওঁক নাও খন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক’লে; তাৰ পাছত তেওঁ নাৱত বহিল আৰু তাৰ পৰাই লোক সকলক শিক্ষা দিব ধৰিলে। \p \v 4 তেওঁৰ কথা শেষ হোৱাত চিমোনক ক’লে, \wj “এতিয়া দ পানী লৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।”\wj* \v 5 চিমোনে উত্তৰ দি ক’লে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।” \v 6 পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে। \v 7 তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হ’ল। \v 8 ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।” \v 9 ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল। \v 10 চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, \wj “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”\wj* \v 11 পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল। \s যীচুৱে দুজন ৰোগীক সুস্থ কৰা \p \v 12 এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।” \v 13 তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, \wj “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।”\wj* আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল। \v 14 তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে \wj “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উ‌‌ৎসৰ্গ কৰাগৈ।”\wj* \p \v 15 তথাপি যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহুলোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে। \v 16 কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল। \p \v 17 এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল। \v 18 তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত\f + \fr 5:18 \fr*\ft ইংৰাজীত পেৰেলাইজ ৰোগী বুলি লিখা আছে; অসমীয়াত ‘পক্ষাঘাতগ্ৰস্ত৷’ \ft*\f* ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগীজনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল। \v 19 কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ ওপৰত উঠি চালি আতৰাই শয্যাৰ সৈতে ৰোগীজনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে। \v 20 তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে ক’লে, \wj “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।”\wj* \v 21 তাতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এই জন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?” \v 22 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, \wj “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে?\wj* \v 23 \wj কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?\wj* \v 24 \wj কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ\wj*\f + \fr 5:24 \fr*\ft মানুহৰ পুত্র- যীচু, দানি 7:13-14; খ্রীষ্টৰ কাৰণে এই নাম ব্যৱহাৰ কৰা হৈছে; তেওঁক ঈশ্বৰে জগতৰ পৰিত্রাতা হিচাপে পঠাইছিল।\ft*\f* \wj ক্ষমতা আছে।”\wj* সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, \wj “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।”\wj* \v 25 লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুই আছিল, সেই শয্যা তুলি লৈ ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গ’ল। \v 26 তাতে সকলো লোক আচৰিত হ’ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি ক’লে, “আজি আমি আশ্চর্যজনক ঘটনা দেখিলোঁ।” \s যীচুৱে লেবীক আহ্বান কৰা \p \v 27 এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ-সংগ্রহক বহি থকা দেখি তেওঁক ক’লে, \wj “মোৰ পাছে পাছে আহা।”\wj* \v 28 তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ’ল। \p \v 29 তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীচুৰ কাৰণে এক বৰ ভোজ পাতিলে; তেওঁলোকৰ লগত অনেক কৰ-সংগ্রহক আৰু আন আন কিছুমান লোকো ভোজ মেজত বহিছিল আৰু খাই আছিল। \v 30 তেতিয়া ফৰীচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপক সকলে যীচুৰ শিষ্য সকলৰ ওচৰত অভিযোগ কৰি ক’লে, “তোমালোকে কিয় কৰ-সংগ্রহক আৰু পাপী লোকৰ সৈতে ভোজন-পান কৰা?” \v 31 তেতিয়া যীচুৱে উত্তৰ দি ক’লে, \wj “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে আছে।\wj* \v 32 \wj মই ধাৰ্মিক জনক নহয়; কিন্তু মন-পালটন কৰিবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”\wj* \p \v 33 তেওঁলোকে যীচুক ক’লে, “যোহনৰ শিষ্য সকলে প্রায়ে প্রার্থনা কৰে আৰু লঘোন দিয়ে, ফৰীচী সকলৰ অনুগামী সকলেও সেইদৰে কৰে; কিন্তু আপোনাৰ শিষ্য সকলে সকলো সময়তে ভোজন-পান কৰে।” \v 34 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, \wj “দৰা লগত থাকোতে বৰযাত্রী সকলক জানো কোনোৱে উপবাসে ৰাখিব পাৰে?\wj* \v 35 \wj কিন্তু এনে দিন আহিব, তেতিয়া তেওঁলোকৰ ওচৰৰ পৰা দৰাক লৈ যোৱা হব আৰু সেই দিনবোৰত তেওঁলোকেও লঘোন দিব।”\wj* \p \v 36 তেতিয়া যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, \wj “নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি লৈ কোনেও পুৰণি বস্ত্ৰত টাপলি নামাৰে; যদি কোনোবাই সেইদৰে কৰে, তেনেহলে তেওঁ নতুন বস্ত্র খন ফালিব; তাৰ উপৰি নতুন বস্ত্রৰ পৰা লোৱা কাপোৰৰ টুকুৰা ডোখৰ পুৰণি বস্ত্রৰ কাপোৰ খনৰ লগত নিমিলিব।\wj* \p \v 37 \wj পুৰণি ছালৰ মোটত কোনেও নতুন দ্ৰাক্ষাৰস নথয়; থলে নতুন ৰসে সেই মোট ফালি পেলাব; তাতে ৰসও পৰি যাব আৰু মোটো নষ্ট হব।\wj* \v 38 \wj নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মোটত ৰখা উচিত।\wj* \v 39 \wj পুৰণি দ্রাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে; কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল’।”\wj* \c 6 \cl 6 অধ্যায় \s বিশ্রামবাৰ সম্বন্ধে যীচুৰ শিক্ষা \p \v 1 এদিন বিশ্ৰামবাৰে যীচু শস্যক্ষেত্রৰ মাজেৰে গৈ আছিল। তাতে তেওঁৰ শিষ্য সকলে শস্যৰ থোক ছিঙি, হাতেৰে মোহাৰি মোহাৰি খাই গৈছিল। \v 2 ইয়াকে দেখি কেইজনমান ফৰীচীয়ে ক’লে, “বিধানৰ মতে বিশ্ৰামবাৰে যি কাম আচলতে কৰিব নাপায়, সেই কাম তোমালোকে কিয় কৰিছা?” \v 3 তাৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল সেই কথা আপোনালোকে জানো পঢ়া নাই? \v 4 তেওঁতো ঈশ্বৰৰ গৃহত সোমাই ঈশ্বৰৰ দর্শন পিঠা লৈ খাইছিল আৰু তেওঁৰ সঙ্গী সকলকো খাবলৈ দিছিল, কিন্তু সেই পিঠা পুৰোহিত সকলৰ বাহিৰে আনে খোৱা বিধান সন্মত নাছিল।” \v 5 যীচুৱে তেওঁলোকক পুনৰ ক’লে, “মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ প্রভু।” \s বিশ্রামবাৰে যীচুৱে এজন লোকক সুস্থ কৰা \p \v 6 আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল। \v 7 বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল। \v 8 যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ ক’লে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল। \v 9 তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক ক’লে, “মই আপোনালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?” \v 10 তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গ’ল। \v 11 তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে। \s যীচুৱে বাৰ জন শিষ্যক পাঁচনি বাব দিয়া \p \v 12 সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল। \v 13 পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’\f + \fr 6:13 \fr*\ft পাঁচনি: তেওঁলোকক কোৱা হয়, যি সকলক যীচুৱে নিজৰ কার্যৰ বিশেষ সহায়ক হিচাপে মনোনীত কৰিছিল।\ft*\f* পদ দিলে। \v 14 সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়, \v 15 মথি, থোমা, আলফয়ৰ পুতেক যাকোব, চিমোন, এই জন উদ্যোগী দলৰ লোক আছিল, \v 16 যাকোবৰ পুতেক যিহুদা আৰু যিহূদা ঈষ্কৰিয়োতীয়া, এই জনে শেষত বিশ্বাসঘাতক হ’ল। \p \v 17 তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল। \v 18 তেওঁলোকে যীচুৰ কথা শুনিবলৈ আৰু নৰিয়াৰ পৰা সুস্থ হবৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। যি সকলে অশুচি আত্মাৰ দ্বাৰা কষ্ট পাই আছিল তেওঁলোকো সুস্থ হ’ল। \v 19 তেতিয়া সকলোৱে তেওঁক স্পর্শ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে আৰোগ্য কৰিছিল। \s পৰ্বতৰ ওপৰত দিয়া যীচুৰ উপদেশ \p \v 20 পাছত তেওঁ শিষ্য সকলৰ ফালে চাই ক’লে, \q1 “ধন্য তোমালোক দৰিদ্ৰ সকল, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ। \q1 \v 21 ধন্য তোমালোক, যি জন এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হ’বা। \q1 ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা। \q1 \v 22 ধন্য তোমালোক, যেতিয়া লোক সকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘিণ কৰে, সমাজচ্যুত কৰে, নিন্দা কৰে, আৰু তোমালোকৰ নাম শুনিলে পাপিষ্ঠ বুলি বাহিৰ কৰে। \p \v 23 সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলেও ভাৱবাদী সকলক এনে ধৰণৰ ব্যৱহাৰে কৰিছিল। \p \v 24 কিন্তু হায় ধনৱন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে নিজৰ সুখ পাইছা। \p \v 25 হায় হায় যি সকল এতিয়া তৃপ্ত, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে পাছত ক্ষুধার্ত হবা। হায় হায় যি সকলে এতিয়া হাঁহিছা, তোমালোক সন্তাপৰ পাত্র! কিয়নো তোমালোকে শোক আৰু ক্ৰন্দন কৰিবা। \p \v 26 যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষ সকলে ভাঁৰিকোৱা ভাববাদী সকললৈও এনে ধৰণৰ ব্যৱহাৰ কৰিছিল। \s শত্রুক প্রেম কৰা \p \v 27 কিন্তু যি সকলে শুনি আছা, মই তোমালোকক কওঁ, তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু যি সকলে তোমালোকক ঘিণ কৰে, তেওঁলোকলৈ মঙ্গল কৰিবা। \v 28 যি সকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰিবা। যি সকলে তোমালোকক দুর্ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবা। \p \v 29 কোনোৱে যদি তোমাৰ এখন গালত চৰ মাৰে, তেওঁক আন খন গালো পাতি দিবা; আৰু কোনোৱে যদি তোমাৰ চাদৰ খন কাঢ়ি লয়; তেওঁক তোমাৰ চোলাও ল’বলৈ বাধা নিদিবা। \v 30 যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা। \v 31 লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা। \p \v 32 তোমালোকক প্ৰেম কৰা সকলকহে যদি তোমালোকে প্ৰেম কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁলোকক প্ৰেম কৰা সকলক প্ৰেম কৰে। \v 33 তোমালোকক উপকাৰ কৰা সকলকে যদি তোমালোকে কেৱল উপকাৰ কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰ্ম কৰে। \v 34 ধাৰ পৰিশোধৰ আশা কৰিব পৰা লোককে যদি তোমালোকে কেৱল ধাৰ দিয়া, তেনেহলে তোমালোকে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও পাপীক ধাৰ দিয়ে আৰু সেই ধাৰ পুণৰ ঘূৰাই পোৱাৰ আশা কৰে। \v 35 কিন্তু তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু উপকাৰ কৰিবা। কেতিয়াও কোনো বস্তু ঘূৰাই পাবলৈ আশা নকৰি ধাৰ দিবা; এইদৰে উচিত কৰ্ম কৰিলে তোমালোকৰ পুৰস্কাৰ অধিক হ’ব আৰু তোমালোক সৰ্বোপৰি জনাৰ সন্তান হ’বা। কিয়নো তেওঁ অকৃতজ্ঞ আৰু দুষ্ট সকলৰ প্ৰতিও দয়াৱান হয়। \v 36 তোমালোকৰ পিতৃ যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা। \s নিজক প্রথমে চোৱা \p \v 37 তোমালোকে পৰৰ সোধ-বিচাৰ নকৰিবা, তেতিয়া তোমালোকৰো বিচাৰ কৰা নহ’ব। আনৰ দোষ নধৰিবা, তেতিয়া তোমালোকৰো দোষ ধৰা নহ’ব। আন লোকক ক্ষমা কৰা, তেতিয়া তোমালোককো ক্ষমা কৰা হ’ব। \v 38 দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব। \p \v 39 পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, এজন অন্ধই জানো আন এজন অন্ধক বাট দেখুৱাই নিব পাৰে? \v 40 দুয়ো খাৱৈত নপৰিব নে? গুৰুতকৈ শিষ্য উর্দ্ধত নহয়; কিন্তু শিক্ষা সম্পূর্ণ হলে প্রতিজন শিষ্য নিজৰ গুৰুৰ দৰে হৈ উঠে। \v 41 নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা? \v 42 তুমি নিজৰ চকুত থকা চতি ডাললৈ নাচাই, কেনেকৈ তোমাৰ ভাইক ক’ব পাৰা যে, ‘ভাই, তোমাৰ চকুত যি কুটা আছে, আহা সেই ডাল উলিয়াই দিওঁ’। হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি ডাল উলিয়াই পেলোৱা, তেতিয়া তোমাৰ ভায়েৰাৰ চকুত থকা কুটা ডাল উলিয়াবলৈ ভালদৰে দেখা পাবা।” \s দুই প্রকাৰৰ ফল \p \v 43 “এনে কোনো ভাল গছ নাই, য’ত বেয়া ফল ধৰে; এনে কোনো বেয়া গছ নাই, য’ত ভাল ফল ধৰে। \v 44 কাৰণ প্রত্যেক গছকে তাৰ ফলৰ দ্বাৰাই চিনা যায়। কিয়নো মানুহে কাঁইটীয়া জোপোহাৰ পৰা ডিমৰু ফল সংগ্রহ নকৰে। পুলি কাঁইটৰ পৰাও আঙুৰ নাপাৰে। \v 45 ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু দুষ্ট লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায়। কিয়নো মানুহৰ হৃদয়ত যি থাকে, তেওঁৰ মুখে তাকে কয়। \s দুই প্রকাৰৰ লোক \p \v 46 তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা? \v 47 যি কোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয়, সেই বিষয়ে মই তোমালোকক জনাওঁ- \v 48 তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল। \v 49 কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গ’ল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।” \c 7 \cl 7 অধ্যায় \s সেনাপতিৰ দাসক সুস্থ কৰা \p \v 1 যীচুৱে ক’ব বিচৰা সকলো কথা মানুহবোৰে শুনিব পৰাকৈ কোৱাৰ পাছত তেওঁ কফৰনাহূম চহৰত সোমাল৷ \p \v 2 সেই ঠাইত\f + \fr 7:2 \fr*\ft মথি 8: 5-13\ft*\f* এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷ \v 3 কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক অনুৰোধ কৰিবলৈ ইহুদী সকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে৷ \v 4 তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি ক’লে, “যাৰ বাবে আপোনাৰ ওচৰত আহিছোঁ, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷ \v 5 কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নাম-ঘৰটোও তেৱেঁই আমাৰ বাবে সাজি দিলে৷” \p \v 6 তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ; \v 7 সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ; কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হ’ব। \v 8 কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।” \p \v 9 যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক ক’লে, \wj “মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।”\wj* \v 10 পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে। \s এজনী বাঁৰী তিৰোতাৰ পুতেকক জীউৱা \p \v 11 ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ এটা দল তেওঁৰ লগত গৈ আছিল। \v 12 যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল। \v 13 তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু ক’লে, \wj “তুমি নাকান্দিবা।”\wj* \v 14 পাছত তেওঁ ওচৰলৈ গৈ মৰা লোক জনক কঢ়িয়াই নিয়া চাং খন চুলে; তাতে চাং খন কঢ়িয়াই নিয়া লোক সকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ ক’লে, \wj “হে ডেকা, মই তোমাক ইয়াকে কৈছোঁ, তুমি উঠা।”\wj* \v 15 তেতিয়াই সেই মৃত লোক জন উঠি \f + \fr 7:15 \fr*\ft মার্ক 5:42; যো 11:44\ft*\f*বহিল আৰু কথা কবলৈ আৰম্ভ কৰিলে। তেতিয়া যীচুৱে তেওঁক নি, তেওঁৰ মাতৃৰ হাতত তুলি দিলে। \p \v 16 ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷” \v 17 পাছত গোটেই যিহুদীয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল। \s যোহন বাপ্তাইজকৰ প্ৰশ্ন আৰু যীচুৰ উত্তৰ \p \v 18 পাছত\f + \fr 7:18 \fr*\ft মথি 11:2-19\ft*\f* যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে। \v 19 তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?” \v 20 তেতিয়া সেই লোক দুজন যীচুৰ ওচৰলৈ আহিল আৰু ক’লে, “বাপ্তাইজক যোহনে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু শুধিছে যে, ‘আহিবলগীয়া জন আপুনিয়েই নে? নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম’?” \p \v 21 সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল। \v 22 তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, \wj “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,\wj* \v 23 \wj আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷’”\wj* \p \v 24 পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ’ল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে, \wj “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ ওলাই গৈছিল, বতাহে লৰোৱা নল নে?\wj* \v 25 \wj তেনেহলে কি চাবলৈ গৈছিল, এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওক, যি সকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখভোগেৰে জীয়াই থাকে, এনে মান্যৱন্ত লোক ৰাজভৱনতহে থাকে।\wj* \v 26 \wj তেনেহলে কি চাবলৈ গৈছিল, ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ভাৱবাদীতকৈয়ো বহু শ্ৰেষ্ঠ জনক।\wj* \p \v 27 \wj এই জনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল-\wj* \q \wj ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব৷’\wj*\f + \fr 7:27 \fr*\ft মলা 3:1\ft*\f* \p \v 28 \wj মই আপোনালোকক কওঁ, ‘নাৰীৰ পৰা জন্ম পোৱা কোনো লোকৰ মাজত, যোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈয়ো সৰু জনেই তেওঁতকৈ মহান’।”\wj* \p \v 29 সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক\f + \fr 7:29 \fr*\ft ৰো 3:4\ft*\f* বুলি স্বীকাৰ কৰিলে; \v 30 কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷ \p \v 31 \wj “এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ\wj* \v 32 \wj যিবোৰ ল’ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, ‘আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা’; তেওঁলোক এই ল’ৰাবোৰৰ নিচিনা।\wj* \p \v 33 \wj কিয়নো বাপ্তাইজক যোহনে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপি আপোনালোকে কয়, ‘তেওঁ ভূতে পোৱা’।\wj* \v 34 \wj মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু’।\wj* \v 35 \wj কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰমাণিত হৈছে।”\wj* \s অনুতাপিত তিৰোতালৈ যীচুৰ দয়া \p \v 36 এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়েহে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল। \v 37 সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে; \v 38 তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে। \v 39 তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’। \v 40 তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, \wj “হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে।”\wj* তাতে তেওঁ ক’লে, “হে গুৰু, কওক।” \p \v 41 যীচুৱে ক’লে \wj “এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ দীনাৰী,\wj*\f + \fr 7:41 \fr*\ft অৰ্থাৎ এদিনৰ মজুৰী\ft*\f* \wj এজনৰ পঞ্চাশ দীনাৰী ৰূপ ধাৰ আছিল;\wj* \v 42 \wj পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰ পাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?”\wj* \v 43 তেতিয়া চিমোনে উত্তৰ দি ক’লে, “বোধ কৰোঁ, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, \wj “তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলা।”\wj* \p \v 44 তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক’লে, \wj “এই তিৰোতা জনীক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলোঁ, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে।\wj* \v 45 \wj তুমি মোক চুমা নাখালা; কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে।\wj* \p \v 46 \wj তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে;\wj* \v 47 \wj এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাতো ক্ষমা কৰা হ’ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যি জনৰ অলপ ক্ষমা হয়, তেওঁক অলপ প্ৰেম কৰে।”\wj* \v 48 পাছত তেওঁ সেই তিৰোতাক ক’লে, \wj “তোমাৰ পাপ ক্ষমা হ’ল।”\wj* \v 49 তেতিয়া তেওঁৰ সৈতে ভোজনত বহি থকা সকলে নিজৰ নিজৰ মাজত কবলৈ ধৰিলে, “পাপ ক্ষমা কৰিব পৰা এওঁ নো কোন?” \v 50 কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, \wj “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।”\wj*\f + \fr 7:50 \fr*\ft লূক 8:48; 18:42\ft*\f* \c 8 \cl 8 অধ্যায় \p \v 1 তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল৷ \v 2 ইয়াৰ উপৰি ভূতৰ আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে সাতটা ভূতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগ্দলীনী বুলি মতা সেই মৰিয়ম; \v 3 আৰু হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ভার্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল৷ এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল\f + \fr 8:3 \fr*\ft মথি 27:55\ft*\f*। \s এজন খেতিয়কৰ দৃষ্টান্ত \p \v 4 \f + \fr 8:4 \fr*\ft মথি 13:1-23; মার্ক 4:1-20\ft*\f*সেই সময়ত বিভিন্ন চহৰৰ পৰা দলে দলে মানুহবোৰ আহি যীচুৰ ওচৰত একগোট হৈছিল৷ তেতিয়া তেওঁ উপদেশ দিব ধৰোতে, এই দৃষ্টান্ত দি ক’লে, \wj “এজন খেতিয়কে বীজ সিচিঁবলৈ গ’ল;\wj* \v 5 \wj তাতে বীজ সিচাঁৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ’ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে।\wj* \v 6 \wj কিছুমান শিলনিত পৰিল; তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গ’ল।\wj* \p \v 7 \wj কিছুমান বীজ কাঁইটৰ মাজত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেচি ধৰি মাৰিলে।\wj* \v 8 \wj কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে৷”\wj* এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে ক’লে, \wj “যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক৷”\wj* \p \v 9 পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, “এই দৃষ্টান্তৰ অৰ্থ কি হব পাৰে?” \v 10 তাতে তেওঁ ক’লে, \wj “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷\wj* \p \v 11 \wj দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য।\wj*\f + \fr 8:11 \fr*\ft 1 পি 1:23\ft*\f* \v 12 \wj বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু পৰিত্ৰাণো নাপায়৷।\wj* \v 13 \wj আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।\wj*\f + \fr 8:13 \fr*\ft গীত 106:12, 13\ft*\f* \p \v 14 \wj আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত,\wj* \f + \fr 8:14 \fr*\ft 1 তী 6:9, 10; 1 যো 2:15-17\ft*\f*\wj এওঁলোকৰ একো ফল সিদ্ধ নহয়।\wj* \v 15 \wj কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ\wj*\f + \fr 8:15 \fr*\ft যিহি 11:19, 20\ft*\f* \wj ধৈৰ্যৰে ফল উৎপন্ন কৰে।\wj* \p \v 16 \wj কোনেও চাকি লগাই পাত্ৰেৰে ঢাকি নথয় বা বিচনাৰ তলত নথয়; কিন্তু ভিতৰলৈ অহা সকলে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়।\wj* \v 17 \wj কিয়নো যি প্ৰকাশিত নহ’ব, এনে কোনো লুকুৱাই থোৱা বস্তু নাই; আৰু যিহক জনা নহ’ব, আৰু যি অপ্ৰকাশিত হৈ থাকিব, এনে কোনো গুপুত বস্তু নাই।\wj* \v 18 \wj এতেকে আপোনালোকে কিদৰে শুনিছে সেয়া বিবেচনা কৰিব; কিয়নো যিয়ে শুনিছে, তেখেতক পুণৰ দিয়া হ’ব; কিন্তু যিয়ে শুনা নাই, তেখেতে যি আছে বুলি নিজে ভাবে, সেয়াও তেখেতৰ পৰা নিয়া হ’ব।”\wj* \s যীচুৰ প্ৰকৃত আই আৰু ভাই \p \v 19 সেই সময়ত \f + \fr 8:19 \fr*\ft মথি 12:46-50; মার্ক 3:31-35\ft*\f*যীচুৰ মাক আৰু ভায়েক সকল তেওঁৰ ওচৰলৈ আহিছিল; কিন্তু লোক সকলৰ কাৰণে তেওঁৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে। \v 20 তেতিয়া তেওঁক এই সম্বাদ দিয়া হ’ল যে, “আপোনাৰ আই আৰু ভাই সকলে আপোনাক দেখা পোৱাৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।” \v 21 কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, \wj “যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।”\wj* \s ধুমুহা বতাহক শান্ত কৰা \p \v 22 পাছত এদিন \f + \fr 8:22 \fr*\ft মথি 8:23-34; মার্ক 4:35-41:20\ft*\f*যীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক’লে, \wj “আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ।”\wj* তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ’ল। \v 23 কিন্তু যাওঁতে যাওঁতে, তেওঁৰ টোপনি আহিল; আৰু সেই সময়তে সৰোবৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে, তাতে ঢৌত পানী সোমাই থকাত, তেওঁলোক সঙ্কটত পৰিল। \v 24 তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই ক’লে “হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।” তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ’ল আৰু সকলোবোৰ শান্ত হৈ পৰিল। \v 25 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, \wj “তোমালোকৰ বিশ্বাস ক’ত?”\wj* তেতিয়া তেওঁলোকে ভয়াতুৰ হৈ, বিস্ময় মানি ইজনে সিজনক ক’লে, “এওঁ নো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও এওঁৰ কথা মানে!” \s ভূতে পোৱা এজন মানুহক সুস্থ কৰা \p \v 26 পাছত তেওঁলোকে গালীল প্ৰদেশৰ সন্মুখত থকা গেৰাচেনীয়া সকলৰ দেশ পালেগৈ। \v 27 তাতে যীচুৱে বামত উঠোতে, নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ’ল৷ সি বহু দিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল কিন্তু মৈদামবোৰতহে থাকিছিল। \p \v 28 সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল৷ পাছত বৰ মাতেৰে ক’ব ধৰিলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।” \v 29 কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অশুচি আত্মাক আদেশ দিছিল; কিয়নো সেই অশুচি আত্মাই মানুহ জনক বহু দিনৰ পৰা ধৰি আছিল৷ মানুহ জনক শিকলি আৰু বেৰীৰে বান্ধি ৰাখিছিল আৰু পহৰাও দি থকা হৈছিল; কিন্তু সি বান্ধ ছিগি, ভূতৰ দ্বাৰাই চালিত হৈ নিৰ্জন ঠাইলৈ আহি আছিল। \p \v 30 তেতিয়া যীচুৱে তাক সুধিলে, \wj “তোৰ নাম কি?”\wj* তেতিয়া সি ক’লে, “বাহিনী”; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল। \v 31 পাছত সেই ভূতহঁতক অগাধ ঠাইলৈ \f + \fr 8:31 \fr*\ft প্ৰ 20:1-3\ft*\f*যাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে। \p \v 32 সেই সময়ত পর্বতত এজাক গাহৰি চৰি আছিল৷ তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীচুক মিনতি কৰিলে৷ তেতিয়া যীচুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে৷ \v 33 সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল। \p \v 34 এই ঘটনা দেখি ৰখীয়াবোৰে পলাই গৈ নগৰ আৰু গাৱেঁ-ভুয়ে সম্বাদ দিলে। \v 35 তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে৷ ইয়াকে দেখি আটাইলোকে ভয় কৰিলে। \p \v 36 আৰু সেই ভূতে পোৱা লোক জনে কেনেকৈ ৰক্ষা পালে, দেখাবোৰে সেই বিষয়ে আনবোৰ লোকৰ আগত ক’লে। \v 37 তেতিয়া গেৰাচেনীয়া সকলৰ দেশৰ চাৰিওফালৰ মানুহে আহি তেওঁলোকৰ ওচৰৰ পৰা আতৰি যাবলৈ যীচুক অনুৰোধ কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল। \p \v 38 সেয়েহে তেওঁ নাৱত উঠি, উলটি গ’ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ’ল, সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে; \f + \fr 8:38 \fr*\ft গীত 73:27, 28\ft*\f*কিন্তু তেওঁ তাক পঠিয়াই দি ক’লে, \v 39 \wj “তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনলৈ কেনে মহৎ কৰ্ম কৰিলে, সেই বিষয়ে বৰ্ণনা কৰাগৈ।”\wj* তেতিয়া সি তাৰ পৰা গৈ, যীচুৱে তালৈ যি মহৎ কৰ্ম কৰিলে, সেই বিষয়ে গোটেই খন নগৰত ঘোষণা কৰিব ধৰিলে। \s এজনী তিৰোতাক সুস্থ কৰা আৰু যায়ীৰৰ জীয়েকক জীউৱা \p \v 40 পাছত যীচু ঘূৰি আহোতে, লোক সকলে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল। \v 41 আৰু সেই ঠাইৰ \f + \fr 8:41 \fr*\ft মথি 9:18-26; মার্ক 5:21-43\ft*\f*নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে; \v 42 কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল৷ \p \v 43 সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ধন, সম্পত্তি ব্যয় কৰিও সুস্থ হোৱা নাছিল৷ \v 44 সেই জনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গ’ল। \v 45 তাতে যীচুৱে ক’লে, \wj “মোক কোনে চুলে?”\wj* তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক’লে, “হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।” \v 46 কিন্তু যীচুৱে ক’লে, \wj “কোনোবাই মোক চুলে; কিয়নো মোৰ পৰা শক্তি ওলাই যোৱা মই গম পালোঁ।”\wj* \p \v 47 তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব৷ তেতিয়া তেওঁ কঁপি কঁপি \f + \fr 8:47 \fr*\ft যিচ 66:2\ft*\f*আহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ’ল; সেই বিষয়ে সকলোৰ আগত ক’লে। \v 48 তেতিয়া যীচুৱে তেওঁক ক’লে, \wj “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা।”\wj* \p \v 49 তেওঁ এই কথা কৈ থাকোতেই, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা কোনো এজনে আহি তেওঁক ক’লে, “তোমাৰ জীয়েৰা মৰিল; গুৰুক পুনৰ দুখ নিদিবা।” \v 50 কিন্তু যীচুৱে সেই কথা শুনি তেওঁক উত্তৰ দিলে, \wj “ভয় নকৰিবা; বিশ্বাস মাথোন কৰা আৰু\wj* \f + \fr 8:50 \fr*\ft ষো 11:25\ft*\f*\wj তাতেই তাই ৰক্ষা পৰিব।”\wj* \p \v 51 পাছত ঘৰলৈ আহি, পিতৰ, যোহন, যাকোব, আৰু ছোৱালীৰ মাক-দেউতাকৰ বাহিৰে, কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে। \v 52 আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক’লে, \wj “তোমালোকে নাকান্দিবা; তাই মৰা নাই, তাই মাত্র টোপনিতহে আছে।”\wj* \v 53 কিন্তু তাই মৰিল বুলি তেওঁলোকে জানি তেওঁক হাঁহিলে। \p \v 54 কিন্তু তেওঁ তাইৰ হাতত ধৰি, মাতি ক’লে, \wj “আইটি, উঠা।”\wj* \v 55 তেতিয়াই তাইৰ প্ৰাণ উভতি আহিল আৰু তাই উঠি বহিল৷ তেতিয়া তাইক খাবলৈ দিবৰ বাবে যীচুৱে আদেশ দিলে৷ \v 56 তাতে তাইৰ মাক-দেউতাকে বিস্ময় মানিলে; কিন্তু এই ঘটনাৰ কথা কাকো নকবলৈ তেওঁ তেওঁলোকক আদেশ দিলে। \c 9 \cl 9 অধ্যায় \s বাৰ জন পাঁচনিক আদেশ দি পঠিওৱা \p \v 1 পাছত \f + \fr 9:1 \fr*\ft মথি 10; মার্ক 6:7-13\ft*\f*যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷ \v 2 ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷ \v 3 তেওঁ তেওঁলোকক ক’লে, \wj “যাত্ৰাৰ কাৰণে কোনো বস্তু নলবা; লাখুটি বা মোনা, বা পিঠা বা ধন; বা দুটাকৈ চোলাও নলবা;\wj* \v 4 \wj আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।\wj* \p \v 5 \wj আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”\wj* \v 6 পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ’ল। \p \v 7 সেই সময়ত\f + \fr 9:7 \fr*\ft মথি 14:1-12; মার্ক 6:14-29\ft*\f* হেৰোদ ৰজাই এই ঘটনাবোৰৰ বাৰ্তা পাই নিজ মনত অশান্তি পালে; কিয়নো কিছুলোকে কৈছিল যে যোহন মৃত সকলৰ মাজৰ পৰা জীৱিত হ’ল, \v 8 আৰু আন কিছুমান লোকে কব ধৰিলে যে, “এলিয়া পুণৰ আবির্ভুত হৈছে” আৰু কিছুমানে ক’লে যে, “পূর্বকালৰ ভাববাদী সকলৰ মাজৰ কোনো এজন পুনৰাই জীয়াই উঠিছে৷” \v 9 হেৰোদে ক’লে “মই যোহনৰ মুণ্ডচ্ছেদ কৰিলোঁ; কিন্তু এওঁ নো কোন যাৰ বিষয়ে এনে কথা শুনি আছোঁ?” তাতে তেওঁ যীচুক চাবলৈ এটা উপায় বিচাৰিলে। \s যীচুৱে লোক সকলক খুউৱা \p \v 10 পাছত যি পাঁচনি সকলক পঠোৱা হৈছিল তেওঁলোকে ঘূৰি আহি, যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ বৈৎ-চৈদা নামেৰে এখন নগৰৰ ফালে কোনোৱে নজনাকৈ আতৰি গ’ল। \v 11 কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে। \p \v 12 দিনৰ প্ৰায় শেষ ভাগত\f + \fr 9:12 \fr*\ft মথি 14:15-21; মার্ক 6:30-40; যো 6:5-14\ft*\f* বাৰ জন পাঁচনি তেওঁৰ ওচৰলৈ আহি ক’লে, “আমি যি ঠাইত আহি আছোঁ সেয়া অতি নির্জন ঠাই৷ সেয়েহে লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে ওচৰৰ গাওঁত গৈ নিজৰ বাবে থকা ঠাই আৰু খোৱা বস্তু যোগাৰ কৰি লব পাৰিব৷” \v 13 কিন্তু যীচুৱে তেওঁলোকক ক’লে, \wj “তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।”\wj* তেতিয়া তেওঁলোকে ক’লে, “আমি গৈ খোৱা বস্তু কিনি নানিলে, আমাৰ ওচৰত পাঁচটা পিঠা আৰু দুটা মাছতকৈ অধিক একোৱে নাই৷” \v 14 কিয়নো তেওঁলোক প্ৰায় পাঁচ হাজাৰ মানুহ আছিল। তেতিয়া তেওঁ শিষ্য সকলক ক’লে, \wj “তেওঁলোকক গোট গোট কৰি পঞ্চাশ জন পঞ্চাশ জনকৈ বহিবলৈ দিয়া।”\wj* \p \v 15 তেতিয়া তেওঁলোকে আতাইকে তেনেদৰেই বহিবলৈ দিলে। \v 16 যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে। \v 17 তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল।\f + \fr 9:17 \fr*\ft গীত 107:9\ft*\f* পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল। \s যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা \p \v 18 এদিন\f + \fr 9:18 \fr*\ft মথি 16:13-28; মার্ক 8:27-38\ft*\f* যীচুৱে নিৰ্জন ঠাইত প্ৰাৰ্থনা কৰা সময়ত শিষ্য সকলো তেওঁৰ লগত আছিল, সেই সময়ত তেওঁ শিষ্য সকলক সুধিলে, \wj “লোক সকলে মোক কোন বুলি কয়?”\wj* \v 19 তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “যোহন বাপ্তাইজক, কিন্তু আন কিছুমানে এলিয়া বুলি ভাৱে, আন কিছুমানে পূৰ্বকালৰ ভাববাদী সকলৰ কোনো এজন পুনৰায় জীৱিত হৈ উঠা লোক বুলি ভাবে।” \p \v 20 তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, \wj “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?”\wj* তাতে পিতৰে উত্তৰ দি ক’লে, “ঈশ্বৰৰ অভিষিক্ত, খ্ৰীষ্ট।” \v 21 তেতিয়া এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক সাৱধান কৰি আদেশ দিলে; \v 22 আৰু তেওঁ ক’লে, \wj “মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হব লাগিব।”\wj* \p \v 23 যীচুৱে সকলোৰে আগত ক’লে, \wj “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব\wj*\f + \fr 9:23 \fr*\ft ৰো 8:13; কল 3:5\ft*\f* \wj আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।\wj* \v 24 \wj কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁহে তাক ৰক্ষা কৰিব।\wj* \v 25 \wj কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো নিজকে নিজে যদি হেৰুৱায় বা হানি কৰে তেনেহলে তেওঁৰ কি লাভ?\wj* \p \v 26 \wj কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।\wj* \v 27 \wj কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ইয়াতে থিয় হৈ থকা লোক সকলৰ মাজতে কিছুমান লোক আছে, যি সকলে ঈশ্ৱৰৰ ৰাজ্য নেদেখালৈ মৃত্যুৰ সোৱাদ নাপাব৷”\wj* \s যীচুৱে অন্যৰূপ ধৰা \p \v 28 এই\f + \fr 9:28 \fr*\ft মথি 17:1-20; মার্ক 9:1-29\ft*\f* কথা কোৱাৰ আঠ দিন মানৰ পাছত, তেওঁ পিতৰ, যোহন আৰু যাকোবক লগত লৈ, প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল। \v 29 তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখমণ্ডলৰ সৌন্দর্য্যই অন্যৰূপ ললে আৰু তেওঁৰ কাপোৰবোৰ বগা আৰু চক্‌মকীয়া হ’ল। \p \v 30 সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্ত্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল; \v 31 তেওঁলোকক প্ৰতাপযুক্ত দেখা গৈছিল৷ তেওঁলোকে ঈশ্ৱৰৰ পৰিকল্পনা অনুসাৰে যীচুৱে কেনেদৰে যিৰূচালেমত মৃত্যুবৰণ কৰিব, সেই বিষয়ে কথা পাতি আছিল। \p \v 32 তেতিয়া পিতৰ আৰু তেওঁৰ লগত যোৱা কেইজনৰ বৰ টোপনি ধৰিছিল; তথাপি জাগি থাকি, তেওঁৰ মহিমা আৰু তেওঁৰ ওচৰত থকা সেই দুজন মানুহক দেখা পালে। \v 33 তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোতে, পিতৰে যীচুক ক’লে, “হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজোঁ৷” পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷ \p \v 34 এই কথা কওঁতেই, এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে; তাতে মেঘ চাৰিওফালেদি সোমাওঁতে, তেওঁলোকৰ ভয় লাগিল। \v 35 তেতিয়া সেই মেঘৰ পৰা এই বাণী\f + \fr 9:35 \fr*\ft 2 পি 1:16-18\ft*\f* শুনিলে, “এওঁ মোৰ প্ৰিয় পুত্ৰ, মোৰ মনোনীত জন, এওঁৰ কথা শুনা।” \v 36 সেই বাণী হোৱা মাত্ৰে, যীচুক অকলে দেখা গ’ল আৰু তেওঁলোকে সেই সময়ত যি যি দেখিছিল, নীৰৱে থাকি কাকো একো কথা কোৱা নাছিল৷ \s ভূতে ধৰা এটা ল’ৰাক সুস্থ কৰা আৰু শিক্ষা দিয়া \p \v 37 তাৰ পাছদিনা তেওঁলোক পৰ্বতৰ পৰা নমাৰ পাছত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ’ল। \v 38 সেই সময়ত মানুহবোৰৰ মাজৰ পৰা এজনে ৰিঙিয়াই ক’লে, “হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল’ৰালৈ দৃষ্টি কৰক; কিয়নো সি মোৰ একেটি ল’ৰা। \v 39 আৰু চাওক, ভূতৰ আত্মাই তাক ধৰোতে সি অকস্মাতে আটাহ পাৰে আৰু তাক মুচৰিলে মুখৰ পৰা ফেন ওলায় আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি যায়। \v 40 মই সেই অশুচি আত্মাক খেদাবলৈ আপোনাৰ শিষ্য সকলক মিনতি কৰিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।” \p \v 41 তেতিয়া যীচুৱে উত্তৰ দি ক’লে, \wj “হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ ল’ৰা জনক ইয়ালৈ আনা।”\wj* \v 42 তাতে সি আহোতেই ভূতে তাক আছাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীচুৱে সেই অশুচি আত্মাক ডবিয়াই খেদিলে আৰু ল’ৰা জনক সুস্থ কৰি বাপেকৰ হাতত শোধাই দিলে। \v 43 তাতে ঈশ্বৰৰ মাহাত্ম্য দেখি সকলোৱে বিস্ময় মানিলে; কিন্তু তেওঁ কৰা কৰ্মবোৰত লোক সকলে বিস্ময় মানি থাকোঁতে, তেওঁ শিষ্য সকলক ক’লে, \v 44 \wj “এই সকলো কথা তোমালোকে মনত ৰাখিবা; কিয়নো মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব।”\wj* \v 45 কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু বুজি নাপাবলৈ সেই বিষয়ক তেওঁলোকৰ পৰা গুপুতে ৰখা হ’ল৷ তেওঁলোকে সেই কথাৰ বিষয়ে যীচুক সুধিবলৈও ভয় কৰিলে। \p \v 46 পাছত\f + \fr 9:46 \fr*\ft মথি 18:1-14; মার্ক 9:33-50\ft*\f* তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ এই কথাক লৈ তেওঁলোকৰ বাদ-বিচাৰ হৈছিল। \v 47 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ বিবেচনা বুজি পোৱাত সৰু ল’ৰা এজনক নিজৰ কাষত বহুৱাই ল’লে৷ \v 48 তাৰ পাছত তেওঁলোকক ক’লে, \wj “যি কোনোৱে এই ল’ৰা জনক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে৷ কিয়নো তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু সেই জনেই মহান।”\wj* \p \v 49 পাছত যোহনে মাত লগাই ক’লে, “হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা দেখিলোঁ; কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে অহা নাই কাৰণে আমি তেওঁক নিষেধ কৰিলোঁ।” \v 50 তেতিয়া যীচুৱে তেওঁক ক’লে, \wj “তেওঁক নিষেধ নকৰিবা; কিয়নো যি জন তোমালোকৰ বিপক্ষ নহয়, তেওঁ তোমালোকৰ সপক্ষ।”\wj* \s যীচুৱে শেষ বাৰ যিৰূচালেমলৈ যাবলৈ ওলোৱা \p \v 51 পাছত\f + \fr 9:51 \fr*\ft মথি 19:1; মার্ক 10:1\ft*\f* যীচুৰ স্ৱর্গলৈ যোৱাৰ সময় প্ৰায় পূর্ণ হোৱাৰ অৱস্থাত, তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মনস্থ কৰিলে৷ \v 52 তেওঁ সেই ঠাই গৈ পোৱাৰ আগেয়ে কিছুমান বার্তাবাহকক পঠালে, তেওঁলোকে যীচুৰ কাৰণে সকলোবোৰ যুগুত কৰিবলৈ চমৰীয়া সকলৰ এখন গাঁৱত সোমাল। \v 53 কিন্তু তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মন স্থিৰ কৰাত, সেই ঠাইৰ লোক সকলে তেওঁক গ্ৰহণ নকৰিলে। \p \v 54 ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, “হে প্ৰভু, স্বৰ্গৰ পৰা জুই ওলাই আহি সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে\f + \fr 9:54 \fr*\ft কিছুমান অনুলিপিত লিখা আছে, ‘এলিয়াই যেনেদৰে কৰিছিল, তেনেদৰে স্বৰ্গৰ পৰা জুই পেলাই ভস্ম কৰিব বিচাৰে’।\ft*\f*?” \v 55 কিন্তু তেওঁ মুখ ঘূৰালে আৰু তেওঁলোকক ডবিয়াই দিলে। \v 56 তাৰ পাছত তেওঁলোক আন এখন গাঁৱলৈ গ’ল। \p \v 57 তেওঁলোকে বাটত যাওঁতে, এজন মানুহে যীচুক ক’লে, “আপুনি য’লৈকে যায় ত’লৈকে ময়ো আপোনাৰ পাছে পাছে যাম।” \v 58 যীচুৱে তেওঁক ক’লে, \wj “শিয়ালৰ গাত আছে আৰু আকাশৰ চৰাইৰো বাহ আছে কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ কোনো ঠাই নাই।”\wj* \p \v 59 পাছত যীচুৱে আন এজনক ক’লে, \wj “তুমি মোৰ পাছে পাছে আহা।”\wj* কিন্তু তেওঁ ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দিবলৈ অনুমতি দিয়ক৷” \v 60 তেতিয়া তেওঁ সেই মানুহ জনক কলে, \wj “মৃতবোৰে নিজৰ নিজৰ মৃতবোৰক মৈদাম দিয়ক কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰা।”\wj* \v 61 আন এজনে ক’লে, “হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবোৰৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক।” \v 62 যীচুৱে তেওঁক ক’লে, \wj “যি কোনোৱে নাঙলত হাত থৈ পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।”\wj* \c 10 \cl 10 অধ্যায় \s যীচুৱে সত্তৰ জনক নিযুক্ত কৰি পঠিওৱা \p \v 1 এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে। \v 2 আৰু তেওঁলোকক ক’লে, \wj “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেই কাৰণে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।\wj* \p \v 3 \f + \fr 10:3 \fr*\ft মথি 9:37, 38\ft*\f*\wj তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজত মই তোমালোকক মেৰ-পোৱালি স্বৰূপে পঠিয়াইছোঁ।\wj* \v 4 \wj তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণ\wj*\f + \fr 10:4 \fr*\ft সম্ভাষণ বা নমস্কাৰ জনোৱা কার্যটো ইহুদী সম্প্ৰদায় বা ইস্ৰায়েল জাতিৰ কাৰণে এটা দিঘলীয়া প্ৰথা; সেয়েহে প্ৰভু যীচুৱে বাটত যাওঁতে এই কথা পালন কৰি সময় নষ্ট কৰিব দিয়া নাই৷\ft*\f* \wj নজনাবা।\wj* \p \v 5 \wj তোমালোকে যি ঘৰত সোমোৱা, তাত প্ৰথমে ক’বা, ‘এই ঘৰৰ কুশল হওক৷’\wj* \v 6 \wj যদি তাত কুশলৰ পাত্ৰ থাকে, তেনেহলে তোমালোকৰ কুশল সেই লোকৰ ওপৰত থাকিব কিন্তু যদি তাত কুশলৰ পাত্ৰ নাই, তেনেহলে তোমালোকলৈ ঘূৰি আহিব।\wj* \v 7 \wj আৰু তোমালোকে যি ঘৰত থাকিবা, ততে তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন-পান কৰিবা; কিয়নো বনুৱা জন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা।\wj* \p \v 8 \wj তোমালোকে যেতিয়া এখন নগৰত সোমোৱা আৰু তাত থকা লোক সকলে তোমালোকক গ্ৰহণ কৰিলে, তেওঁলোকে তোমালোকৰ আগত যি খাবলৈ দিয়ে সেইবোৰকে ভোজন কৰিবা;\wj* \v 9 \wj সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।\wj* \p \v 10 \wj কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা,\wj* \v 11 \wj তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে৷’\wj* \v 12 \wj মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।\wj* \p \v 13 \wj হায় হায় কোৰাচীন!\wj* \f + \fr 10:13 \fr*\ft মথি 11:20-24\ft*\f*\wj হায় হায় বৈৎ-চৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তুৰ আৰু চীদোনত যদি কৰিলোঁ হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন।\wj* \v 14 \wj কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হ’ব।\wj* \v 15 \wj হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হ’বা বুলি? তুমি নৰকলৈহে পেলোৱা হ’বা।\wj* \p \v 16 \wj যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”\wj* \p \v 17 পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি ক’লে, “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ’ল।” \v 18 যীচুৱে তেওঁলোকক ক’লে, \wj “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।\wj* \v 19 \f + \fr 10:19 \fr*\ft যো 12:31; প্ৰ 12:9\ft*\f*\wj চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।\wj* \v 20 \wj তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা\wj*\f + \fr 10:20 \fr*\ft প্ৰ 13:8; 21:27\ft*\f* \wj হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”\wj* \p \v 21 সেই ক্ষণতে তেওঁ\f + \fr 10:21 \fr*\ft মথি 11:25-27\ft*\f* পবিত্ৰ আত্মাত উল্লাসিত হৈ ক’লে, \wj “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।”\wj* \p \v 22 \wj “মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে\wj*\f + \fr 10:22 \fr*\ft মথি 28:18\ft*\f* \wj আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”\wj* \p \v 23 ইয়াৰ পাছত যীচুৱে শিষ্য সকলৰ ফালে ঘূৰি গুপুতে ক’লে, \wj “তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য;\wj* \v 24 \wj কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।”\wj* \s এজন দয়ালু চমৰীয়াৰ দৃষ্টান্ত \p \v 25 ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?” \v 26 তেতিয়া যীচুৱে ক’লে, \wj “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?”\wj* \v 27 তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, \f + \fr 10:27 \fr*\ft দ্বি বি 6:5; লে 19:18\ft*\f*আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।” \v 28 তেতিয়া যীচুৱে তেওঁক ক’লে, \wj “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷”\wj* \f + \fr 10:28 \fr*\ft ৰো 10:5; গাল 3:11-14\ft*\f* \p \v 29 কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?” \v 30 তেতিয়া যীচুৱে সমিধান দি ক’লে, \wj “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।\wj* \p \v 31 \wj এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।\wj* \v 32 \wj সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল।\wj* \p \v 33 \wj কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷\wj* \v 34 \wj তেওঁ মানুহ জনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ’ল আৰু তেওঁক শুশ্ৰূষা কৰিলে।\wj* \v 35 \wj পাছদিনা তেওঁ দুটা দীনাৰী\wj*\f + \fr 10:35 \fr*\fq দুটা দীনাৰী \fq*\ft অৰ্থাৎ, এদিনৰ মজুৰী\ft*\f* \wj উলিয়াই আলহী-ঘৰৰ গৰাকীক দি ক’লে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’।\wj* \p \v 36 \wj এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?”\wj* \v 37 তেতিয়া বিধান পণ্ডিত জনে ক’লে, “যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, \wj “তুমিও সেইদৰে কৰা।”\wj* \s যীচু মার্থা আৰু মৰিয়মৰ ঘৰত আলহী হৈ থকা \p \v 38 পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে; \v 39 আৰু তেওঁৰ ভনীয়েক মৰিয়মে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল। \p \v 40 কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।” \v 41 কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, \wj “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷\wj* \v 42 \wj মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”\wj* \c 11 \cl 11 অধ্যায় \s প্ৰাৰ্থনাৰ বিষয়ে শিক্ষা \p \v 1 এদিন যীচুৱে এঠাইত প্ৰাৰ্থনা কৰি আছিল৷ প্ৰার্থনা শেষ হোৱাৰ পাছত তেওঁৰ এজন শিষ্যই ওচৰলৈ আহি ক’লে, “হে প্ৰভু, যোহনে যেনেকৈ তেওঁৰ শিষ্য সকলক প্ৰার্থনা কৰিবলৈ শিকালে; তেনেকৈ আপুনিও আমাক শিকাওঁক।” \p \v 2 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, \wj “তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে ক’বা, ‘হে পিতৃ,\wj*\f + \fr 11:2 \fr*\ft ৰো 8:15\ft*\f* \wj তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক;\wj* \p \v 3 \wj আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া।\wj* \v 4 \wj আমাৰ পাপ ক্ষমা কৰা কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ।\wj*\f + \fr 11:4 \fr*\ft মথি 18:21-35\ft*\f* \wj আৰু আমাক পৰীক্ষালৈ নিনিবা’।”\wj* \p \v 5 \wj ইয়াৰ পাছত যীচুৱে তেওঁলোকক ক’লে, “ধৰা হওক, তোমালোকৰ মাজৰ কোনো এজনৰ বন্ধু আছে৷ তুমি যদি মাজনিশা বন্ধু জনৰ ওচৰত গৈ কোৱা, ‘হে বন্ধু, মোক তিনিটা পিঠা ধাৰে দিয়া;\wj* \v 6 \wj কিয়নো এইমাত্ৰ মোৰ ঘৰলৈ এজন পঠিক বন্ধু আহিছে৷ তেওঁক আহাৰ দিবলৈ মোৰ একো আহাৰ নাই৷’\wj* \v 7 \wj তেতিয়া সেই বন্ধু জনে ভিতৰৰ পৰা উত্তৰ দি কব পাৰে ‘মোক বিৰক্ত নকৰিবা৷ এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তান সকল শুই আছে৷ তোমাক পিঠা দিবলৈ উঠিব নোৱাৰো৷’\wj* \v 8 \wj কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত,\wj*\f + \fr 11:8 \fr*\ft লূক 18:1-8\ft*\f* \wj এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব।\wj* \p \v 9 \wj মই তোমালোকক পুনৰ কওঁ, খোজা\wj*\f + \fr 11:9 \fr*\ft যিৰি 29:12, 13; যো 15:7; 1 যো 5:14, 15\ft*\f* \wj তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব।\wj* \v 10 \wj কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়।\wj* \p \v 11 \wj তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব?\wj* \v 12 \wj নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব?\wj* \v 13 \wj এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”\wj* \s ভূতবোৰৰ বিষয়ে শিক্ষা \p \v 14 এক সময়ত যীচুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল আৰু ভূতটো বাহিৰ হৈ যোৱাত, সেই বোবা মানুহ জনে কথা ক’বলৈ ধৰিলে৷ তাকে দেখি লোক সকলে বিস্ময় মানিলে। \v 15 কিন্তু কিছুমান লোকে কলে, “ভূতৰ ৰজা বেলচবূব \f + \fr 11:15 \fr*\fq বেলচবূব \fq*\ft চয়তান\ft*\f*ৰ সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়।” \p \v 16 আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে। \v 17 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি পায় ক’লে, \wj “যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খনো বিনষ্ট হয়৷\wj* \p \v 18 \wj চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও৷\wj* \v 19 \wj যদি মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব।\wj* \v 20 \wj কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাও, তেনেহলে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ মাজলৈ আহিল।\wj* \p \v 21 \wj যেতিয়া এজন বলৱান লোকে অস্ত্ৰ-শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰ খন পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে;\wj* \v 22 \wj কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে।\wj* \v 23 \wj যি ব্যক্তি মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ আৰু যি কোনোৱে মোৰে সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।\wj* \p \v 24 \wj যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ সেই ঘৰলৈকে উভতি যাম’।\wj* \v 25 \wj পাছত উভতি আহি সি যেতিয়া সেই ঘৰ খন সৰা পোচা আৰু সজোৱা-পৰোৱা দেখে,\wj* \v 26 \wj তেতিয়া সি গৈ নিজতকৈ দুষ্ট আন সাতোটা ভূতৰ আত্মা লগত লৈ আহে, আৰু তাতে সোমাই নিবাস কৰে আৰু সেই মানুহ জনৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া\wj*\f + \fr 11:26 \fr*\ft ষো 5:14; ইব্ৰী 10:26, 27; 2 পি 2:20, 21\ft*\f* \wj হৈ যায়।”\wj* \p \v 27 এই কথা কৈ থাকোতে এজনী তিৰোতাই লোক সকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক’লে, “আপোনাক যি গর্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য।” \v 28 কিন্তু তেওঁ ক’লে, \wj “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।”\wj* \s সৰলতাৰ বিষয়ে শিক্ষা \p \v 29 এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ ক’বলৈ ধৰিলে, \wj “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু যোনাৰ\wj*\f + \fr 11:29 \fr*\ft যোনা এজন ভাববাদী\ft*\f* \wj চিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব।\wj* \v 30 \wj কিয়নো যোনা যেনেকৈ নীনবিৰ লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকৰ ওচৰত মানুহৰ পুত্ৰই চিন হব।\wj* \p \v 31 \wj দক্ষিণ দেশৰ ৰাণীয়ে\wj*\f + \fr 11:31 \fr*\ft 1 ৰা 10:1-10\ft*\f* \wj মহা-বিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল৷ কিন্তু চোৱা, চলোমনতকৈয়ো মহান এজন ইয়াতে আছে।\wj* \p \v 32 \wj মহা-বিচাৰত নীনবি নগৰৰ লোক সকল এই কালৰ লোক সকলৰ সৈতে থিয় হৈ ইহতক দোষী কৰিব; কিয়নো তেওঁলোকে যোনাৰ ঘোষণাত মন-পালটন কৰিলে, কিন্তু চোৱা যোনাতকৈয়ো মহান এজন ইয়াত আছে।\wj* \p \v 33 \wj কোনো লোকে চাকি জ্ৱলাই কোনেও গুপুত ঠাইত বা দোণৰ তলত নথয় কিন্তু ভিতৰলৈ সোমোৱাই অহা সকলক পোহৰ দিবলৈ গছাৰ ওপৰতহে থয়।\wj* \v 34 \wj তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ; যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দিপ্তীময় হয়৷ কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়।\wj* \v 35 \wj এতেকে তোমাৰ ভিতৰত থকা পোহৰটো যেন অন্ধকাৰ হৈ নপৰে, সেই বিষয়ে মন কৰিবা।\wj* \v 36 \wj এতেকে যদি তোমাৰ গোটেই শৰীৰ দিপ্তীময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেনেহলে প্ৰদীপৰ উজ্বল ৰশ্মি তোমাক দিলে যি ৰূপ হয়, সেই ৰূপেই তোমাৰ সকলো শৰীৰে ধাৰণ কৰিব৷”\wj* \p \v 37 এই কথা কোৱাৰ পাছত এজন ফৰীচীয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক অনুৰোধ কৰিলে; তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিল; \v 38 আৰু তেওঁক ভোজনৰ আগেয়ে নিজকে ধুই লোৱা নেদেখি, সেই ফৰীচীয়ে বিস্ময় মানিলে। \p \v 39 তেতিয়া প্ৰভুৱে তেওঁক ক’লে, \wj “আপোনালোক ফৰীচী সকলে বাটি কাঁহিৰ বাহিৰফাল পৰিষ্কাৰ কৰে, কিন্তু আপোনালোকৰ ভিতৰফাল অপহৰণ আৰু দুষ্টতাৰে পৰিপূর্ণ।\wj* \v 40 \wj হে নির্ব্বোধ সকল! যি জনে বাহিৰফাল নির্মাণ কৰিলে সেই জনে ভিতৰফালো নির্মাণ নকৰিলে নে?\wj* \v 41 \wj ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব।\wj* \p \v 42 \wj কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ\wj*\f + \fr 11:42 \fr*\ft এবিধ ঔষধি গছ\ft*\f* \wj আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷\wj* \p \v 43 \wj হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে।\wj* \v 44 \wj হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ কিয়নো যি অদৃশ্য মৈদামৰ ওপৰত মানুহবোৰে নজনাকৈ খোজ দিয়ে, এনে মৈদামৰ নিচিনা আপোনালোক।”\wj* \p \v 45 সেই সময়ত বিধান পণ্ডিত এজনে উত্তৰ দি যীচুক ক’লে, “হে গুৰু আপুনি যিবোৰ কথা কৈছে সেই কথাবোৰে আমাক অপমান কৰে।” \v 46 তেতিয়া যীচুৱে ক’লে, \wj “হায় হায় বিধান পণ্ডিত সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে মানুহৰ ওপৰত অসহনীয় ভাৰৰ বোজা দিয়ে, কিন্তু নিজৰ এটা আঙুলিৰেও সেই ভাৰ নুচুৱে।\wj* \p \v 47 \wj হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে ভাববাদী সকলৰ স্মৃতিৰ বাবে মৈদাম নির্মাণ কৰিছে কিন্তু আপোনালোকৰ পূর্বপুৰুষ সকলে তেওঁলোকক বধ কৰিছিল।\wj* \v 48 \wj সেয়েহে ইয়াত আপোনালোক সাক্ষী হৈছে আৰু নিজ পূর্বপুৰুষ সকলৰ কর্মত সন্মতিও জনাইছে, কিয়নো তেখেত সকলে প্ৰকৃততে ভাববাদী সকলক বধ কৰিছিল, সেই কাৰণে এতিয়া আপোনালোকে মৈদাম সাজিছে।\wj* \p \v 49 \wj ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, “মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিয়োৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব৷\wj* \v 50 \wj সেই কাৰণে জগত সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে যিমান ভাববাদী হত্যা কৰা হৈছে, তেখেত সকলৰ ৰক্তপাতৰ কাৰণে এই সময়ৰ লোক সকল দায়ী৷\wj* \v 51 \wj হয়, মই আপোনালোকক কওঁ- হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি যি জখৰিয়াক যজ্ঞবেদি আৰু মন্দিৰৰ মধ্য স্থানত হত্যা কৰা হৈছিল, সেই জখৰিয়াৰ\wj*\f + \fr 11:51 \fr*\ft জখৰিয়া এজন ভাববাদী\ft*\f* \wj হত্যা পর্যন্ত সমস্ত ৰক্তপাতৰ বাবে এই কালৰ লোক সকল দায়ী হব৷\wj* \p \v 52 \wj হায় হায় বিধানৰ অধ্যাপক সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ কিয়নো আপোনালোকে জ্ঞানৰ চাবি ধৰি আছে, কিন্তু তাতে প্ৰৱেশ নকৰিলে আৰু প্ৰৱেশ কৰিবলৈ ধৰা সকলকো বাধা দিছে।”\wj* \p \v 53 যীচুৱে সেই ঠাই এৰি যোৱাৰ পাছত, বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে তেওঁৰ কথাত প্ৰতিৰোধ কৰিলে আৰু তেওঁক লৈ বহু কথাত বিতর্ক কৰি, \v 54 তেওঁ কোৱা কথাৰেই তেওঁক ফান্দত পেলাব বিচাৰিলে৷ \c 12 \cl 12 অধ্যায় \s কপট আৰু লোভৰ বিষয়ে যীচুৰ শিক্ষা \p \v 1 এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক কবলৈ ধৰিলে, \wj “যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।”\wj* \p \v 2 \wj “কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই।\wj* \v 3 \wj এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক’লা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ’ব।\wj* \p \v 4 \wj হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা।\wj*\f + \fr 12:4 \fr*\ft যিচ 51:7-13; যিৰি 1:8; মথি 10:28\ft*\f* \v 5 \wj কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।\wj* \p \v 6 \wj পাঁচোটা ঘৰ-চিৰিকা ক্ষুদ্ৰ পইচালৈ বিক্ৰী নকৰে নে? তথাপি সেইবোৰৰ এটাকো ঈশ্বৰৰ আগত পাহৰা নাযায়।\wj* \v 7 \wj কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা; কিয়নো তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।\wj* \p \v 8 \wj মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।\wj* \v 9 \wj কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব।\wj* \v 10 \wj যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব।\wj* \p \v 11 \wj যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷\wj* \v 12 \wj কিয়নো যি যি কথা সেই সময়ত কবলগীয়া হব, সেয়া পবিত্ৰ আত্মাই সেই মু্‌হুর্ত্ততেই তোমালোকক শিকাই দিব।”\wj* \p \v 13 তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক ক’লে, “হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।” \v 14 কিন্তু যীচুৱে তেওঁক ক’লে, \wj “হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা পাতিলে?”\wj* \v 15 তেওঁ তেওঁলোকক পুনৰ ক’লে, \wj “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”\wj* \p \v 16 পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, \wj “এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল।\wj* \v 17 \wj তাতে তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?’\wj* \v 18 \wj পাছত তেওঁ নিজকে কলে, ‘মই ইয়াকে কৰিম যে, আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম৷ সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থম’।\wj* \v 19 \wj তাৰ পাছত মই মোৰ প্ৰাণক কম, ‘হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’।\wj* \p \v 20 \f + \fr 12:20 \fr*\ft যাক 4:13-16 \ft*\f* \wj কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷\wj*\f + \fr 12:20 \fr*\ft ইয় 27:8; গীত 52:7\ft*\f* \wj তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?\wj* \v 21 \wj ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়,\wj* \f + \fr 12:21 \fr*\ft মথি 6:20; 1তীম 6:17-19; যাক 2:5\ft*\f*\wj তেওঁ তেনেকুৱা লোক।”\wj* \p \v 22 পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, \wj “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা।\wj* \v 23 \wj কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ।\wj* \p \v 24 \wj ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া!\wj* \v 25 \wj আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?\wj* \v 26 \wj এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা?\wj* \v 27 \wj পথাৰৰ কনাৰি\wj*\f + \fr 12:27 \fr*\fq কনাৰি \fq*\ft লিলি\ft*\f* \wj ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল।\wj* \v 28 \wj কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ’ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে!\wj* \p \v 29 \wj তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা।\wj* \v 30 \wj কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে।\wj* \p \v 31 \wj কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব।\wj*\f + \fr 12:31 \fr*\ft গীত 34:10; ৰো 8:31, 32; ফিলি 4:19\ft*\f* \v 32 \wj হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।\wj* \p \v 33 \wj তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷\wj* \v 34 \wj কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”\wj* \s পৰ দি থকা \p \v 35 \wj “তোমালোকে কঁকাল বান্ধা আৰু\wj*\f + \fr 12:35 \fr*\ft ইফি 6:14;1 পি 1:13\ft*\f* \wj তোমালোকৰ চাকি জ্বলি থাকক,\wj* \v 36 \wj আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকুৰিয়ালেই দুৱাৰ মেলি দিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবোৰৰ নিচিনা তোমালোকো হোৱা৷\wj*\f + \fr 12:36 \fr*\ft মথি 24:36-51\ft*\f* \p \v 37 \wj প্ৰভু অহাৰ পাছত যি দাস সকলক তেওঁ পৰ দি থকা দেখে, তেওঁলোক ধন্য৷ মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁলোকক ভোজনত বহুৱাই, নিজেই তেওঁলোকক শুশ্ৰূষা কৰিব আৰু আহাৰ বাঢ়ি দিব।\wj* \v 38 \wj তেওঁ মাজৰাতি বা শেষৰাতিও আহি যদি তেওঁলোকক সেইদৰেই দেখে তেনেহলে তেওঁলোক ধন্য।\wj* \p \v 39 \wj কোন সময়ত চোৰ\wj*\f + \fr 12:39 \fr*\ft 1 থি 5:2-8, 2 পি 3:10-12, প্ৰ 3:3; 16:15\ft*\f* \wj আহিব, সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হলে, পৰ দি থাকি সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।\wj* \v 40 \wj তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।”\wj* \p \v 41 তেতিয়া পিতৰে ক’লে, “হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে ক’লে নে, নাইবা সকলোকে কৈছে?” \v 42 তাতে প্ৰভুৱে ক’লে, \wj “নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন?\wj* \v 43 \wj প্ৰভু অহা সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য।\wj* \v 44 \wj মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সর্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।\wj* \p \v 45 \wj কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, ‘মোৰ প্ৰভু অহাত পলম হ’ব’, আৰু এনেদৰে আন বন্দী বেটীক যদি কোবাবলৈ ধৰে, আৰু ভোজন-পান কৰি তেওঁ মতলীয়া হয়।\wj* \v 46 \wj তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব৷ তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব৷\wj* \p \v 47 \wj যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।\wj* \v 48 \wj কিন্তু যি জনে নাজানি\wj*\f + \fr 12:48 \fr*\ft লে 5:17; 1 তী 1:13\ft*\f* \wj কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।\wj* \p \v 49 \wj মই পৃথিৱীত জুই পেলাবলৈ আহিলোঁ আৰু অহ! যদি এই আশা পূর্ণ হৈ আগতেই প্ৰজ্বলিত হলহেতেন।\wj* \v 50 \wj কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ’ব লাগে,\wj*\f + \fr 12:50 \fr*\ft মথি 20:22; মার্ক 10:38\ft*\f* \wj আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছোঁ!\wj* \p \v 51 \wj মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছা নে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলোঁ।\wj* \v 52 \wj এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজনহে হব।\wj* \v 53 \wj পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।”\wj* \p \v 54 ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই ক’লে, \wj “পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়।\wj* \v 55 \wj দক্ষিণ ফালৰ বতাহ বুলিলে কয় ‘বৰ জহ হব’; পাছত সেই জনো সেইদৰে ঘটে।\wj* \v 56 \wj হে কপটীয়া সকল, আপোনালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে?\wj* \p \v 57 \wj নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰে?\wj* \v 58 \wj কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব।\wj* \v 59 \wj মই আপোনালোকক কওঁ, শেষ পইচাটোও পৰিশোধ নকৰালৈকে কোনো প্ৰকাৰে আপুনি কাৰাগাৰৰ পৰা মুক্ত হব নোৱাৰিব৷”\wj* \c 13 \cl 13 অধ্যায় \s মন-পালটনৰ বিষয়ে শিক্ষা \p \v 1 সেই সময়ত তাত উপস্থিত থকা কেইজনমান লোকে যীচুক গালীলীয়া লোকৰ বিষয়ে এই সম্বাদ দিলে যে, পীলাতে তেওঁলোকৰ বলিৰ উৎসর্গৰ তেজৰ সৈতে গালীলীয়া সকলৰ তেজ মিহলি কৰিছিল। \v 2 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, \wj “আপোনালোকে ভাবিছে নে যে, এই গালীলীয়া সকলে দুখভোগ কৰাৰ কাৰণে আন গালীলীয়া সকলতকৈ অধিক পাপী আছিল?\wj* \v 3 \wj মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, অাপোনালোক সকলোৱে সেইদৰে বিনষ্ট হব।\wj* \p \v 4 \wj চীলোহত এটা ওখ দুর্গৰ পতনত যি ওঠৰ জন মানুহৰ মৃত্যু হৈছিল, আপোনালোকে ভাবে নেকি যে যিৰূচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল?\wj* \v 5 \wj মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, আপোনালোকো বিনষ্ট হব।”\wj* \s অপ্ৰয়োজনীয় গছৰ শিক্ষা \p \v 6 তাৰ পাছত যীচুৱে এই দৃষ্টান্ত দি ক’লে, \wj “কোনো এজন মানুহৰ দ্ৰাক্ষাবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল৷ এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে।\wj* \v 7 \wj তেতিয়া গৰাকীয়ে বাৰীচোৱাক ক’লে, ‘চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছোঁ, কিন্তু একোৱে নাপাও; সেয়েহে ইয়াক কাটি পেলোৱা। কিয় ইয়াক অযথা মাটি ডৰা নষ্ট কৰিব দিওঁ?’\wj* \p \v 8 \wj তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি ক’লে, ‘হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম৷\wj* \v 9 \wj পাছত যদি ফল ধৰে, তেনেহলে ভালেই; নহলে ইয়াক কাটি পেলাব’।”\wj* \s বিশ্ৰামবাৰে এজন ৰোগীক সুস্থ কৰা; \p \v 10 এদিন বিশ্ৰামবাৰে এটা নাম-ঘৰত যীচুৱে উপদেশ দি আছিল। \v 11 তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল। \p \v 12 যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, \wj “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।”\wj* \v 13 তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে। \v 14 কিন্তু যীচুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে, নাম-ঘৰৰ অধিকাৰী জনে ক্ৰোধিত হৈ লোক সকলক ক’লে, “কাম কৰাৰ কাৰণে ছয় দিন আছে৷ গতিকে সেই ছয় দিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰামবাৰত নহয়।” \p \v 15 প্ৰভুৱে তেওঁক উত্তৰ দি ক’লে, \wj “কপটীয়া সকল! বিশ্ৰামবাৰে আপোনালোক সকলোৱে জানো নিজৰ গাধ বা গৰু গোহালিৰ পৰা মেলি পানী খোৱাবলৈ নিনিয়ে?\wj* \v 16 \wj তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?”\wj* \p \v 17 তেওঁ এইবোৰ কথা কোৱাৰ পাছত, তেওঁৰ বিৰুদ্ধে যি সকল লোক আছিল: সেই লোক সকলে লাজ পালে৷ কিন্তু তেওঁ কৰা সকলো গৌৰৱময় কার্যবোৰ দেখি লোক সকলে আনন্দ কৰিলে৷ \s সৰিয়হ গুটি আৰু খমিৰৰ দৃষ্টান্ত \p \v 18 তাৰ পাছত যীচুৱে ক’লে, \wj “ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা? আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম?\wj* \v 19 \wj ই হল এটা সৰু সৰিয়হৰ বীজৰদৰে; এজন লোকে সেইবোৰ আনি নিজৰ বাগিছাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল; তাতে আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত বাহ সাজিলে।”\wj* \p \v 20 তেওঁ আকৌ কলে, \wj “ঈশ্বৰৰ ৰাজ্যক মই কিহৰ লগত তুলনা কৰিম?\wj* \v 21 \wj ঈশ্বৰৰ ৰাজ্য খমীৰৰদৰে৷ এগৰাকী মহিলাই তাকে লৈ প্ৰায় তিনি দোণ ময়দাৰ সৈতে মিহলায় আৰু আটাইখিনি ময়দা নুফুলালৈকে ঢাকি থয়৷”\wj* \s পৰিত্ৰাণলৈ প্ৰাণপণে চেষ্টা কৰাৰ বিষয়ে শিক্ষা \p \v 22 এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি যিৰূচালেমলৈ গ’ল। \v 23 তেতিয়া কোনো এজনে সুধিলে, “প্ৰভু, তাকৰ লোকেহে উদ্ধাৰ পাব নে?” তেতিয়া তেওঁ তেওঁলোকক ক’লে \v 24 \wj “ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷\wj* \p \v 25 \wj কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক’বা, প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক, তেওঁ উত্তৰ দি আপোনালোকক ক’ব, ‘তোমালোক কোন ঠাইৰ মানুহ, সেই বিষয়ে মই নাজানো৷’;\wj* \v 26 \wj তেতিয়া তোমালোকে ক’বা, আপোনাৰ সাক্ষাতে আমি ভোজন-পান কৰিলোঁ আৰু আমাৰ আলি বাটতে আপুনি উপদেশ দিলে।\wj* \v 27 \wj কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!’\wj* \p \v 28 \wj তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব! তাতে তোমালোকে অব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদী সকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হ’ব৷\wj* \v 29 \wj তেতে পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ পৰা মানুহবোৰ আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব,\wj* \v 30 \wj আৰু চোৱা যি সকল আগ হব, সেই সকলোবোৰ পাছ পৰিব; আৰু যি সকল পাছ পৰিব তেওঁলোক আগবাঢ়িব৷”\wj* \p \v 31 কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক ক’লে, “তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।” \v 32 যীচুয়ে তেওঁলোকক ক’লে, \wj “যোৱা তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কাইলৈ ভূত খেদাম নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কার্য সিদ্ধ কৰিম।\wj* \v 33 \wj যি কি নহওক আজি, কাইলৈ আৰু পৰহিলৈ মই যাত্ৰাত আগবাঢ়ি থাকিব লাগিব; কোনো কাৰণতেই এজনো ভাৱবাদী যিৰূচালেমৰ পৰা দুৰৈত মৃত্যু হব নোৱাৰে৷\wj* \p \v 34 \wj হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই ৷ বহু বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু আপুনি সন্মত নহ’ল৷\wj* \v 35 \wj চোৱা, তোমালোকৰ ঘৰ ধ্বংস হৈ গৈছে; মই তোমালোকক কওঁ- যেতিয়ালৈকে তোমালোকে এই কথা নোকোৱা ‘প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য’ তেতিয়ালৈকে তোমালোকে মোক দেখিবলৈ নাপাবা।”\wj* \c 14 \cl 14 অধ্যায় \s বিশ্ৰামবাৰে এজন ৰোগীক সুস্হ কৰা \p \v 1 এদিন বিশ্ৰামবাৰে এইদৰে হৈছিল, যীচুৱে ফৰীচী সকলৰ এজন প্ৰধান অধিকাৰীয়ে ঘৰত পিঠা খাবলৈ সোমাল, তাতে লোক সকলে তেওঁক ভালদৰে চাবলৈ ধৰিলে। \v 2 সেই ঠাইত তেওঁৰ আগত এজন জলোদৰী বেমাৰত আক্ৰান্ত লোক আছিল। \v 3 তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, \wj “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?”\wj* \p \v 4 কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে। \v 5 আৰু তেওঁলোকক ক’লে, \wj “অাপোনালোকৰ কাৰোবাৰ বলধ বা গাধ নাদত পৰিলে, তৎক্ষণাত নুতুলিব নে?”\wj* \v 6 তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে। \p \v 7 তেতিয়া লোক সকলে প্ৰধান ঠাই মনোনীত কৰি লোৱা দেখি, যীচুৱে তেওঁলোকক দৃষ্টান্ত দি ক’লে, \v 8 \wj “কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে;\wj* \v 9 \wj পাছত তেনে কৰিলে, যি জনে তোমালোক দুয়োকে নিমন্ত্ৰণ কৰিছে; তেওঁ আহি তোমাক ক’ব, ‘এওঁক তোমাৰ ঠাইতো এৰি দিয়া’। তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব।\wj* \p \v 10 \wj কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা; তেতিয়া তোমাক নিমন্ত্ৰণ কৰা জন আহি দেখিলে ক’ব, ‘হে বন্ধু, ওখ ঠাইলৈ যোৱা’; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যদা পাবা।\wj* \v 11 \wj কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।\wj* \p \v 12 তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে ক’লে, \wj “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব।\wj* \p \v 13 \wj কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা।\wj* \v 14 \wj তাতে তোমাক প্ৰতিদান ৰূপে ঘুৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধাৰ্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।”\wj* \p \v 15 যি সকলে যীচুৰ সৈতে ভোজনত বহিছিল, তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি, তেওঁক ক’লে, “যি কোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য”। \v 16 কিন্তু যীচুৱে তেওঁক ক’লে, \wj “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে।\wj* \v 17 \wj পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক ক’লে, ‘আহক, এতিয়া ভোজন যুগুত হৈছে’।\wj* \p \v 18 \wj তাতে সকলো লোকে একেভাবেৰে ক্ষমা বিচাৰি তেওঁক ক’বলৈ ধৰিলে; প্ৰথম জনে তেওঁক ক’লে, ‘মই এডৰা মাটি কিনিলোঁ; মই তোমাক অনুৰোধ কৰিছোঁ; মই সেই মাটি চাবলৈ যাব লাগে’।\wj* \v 19 \wj আন এজনে ক’লে, ‘মই পাঁচ হাল বলধ কিনিলোঁ; সেই বাবে ময়ো তোমাক অনুৰোধ কৰিছোঁ, মই পথাৰত তাক প্ৰমাণ কৰি চাবলৈ যাওঁ’।\wj* \v 20 \wj আন এজনে ক’লে, ‘মই এগৰাকীক বিয়া কৰালো, এই কাৰণে যাব নোৱাৰো’।\wj* \p \v 21 \wj তেতিয়া সেই দাসে মহাশয়ৰ আগত লোক সকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ।\wj* \v 22 \wj পাছত সেই দাসে ক’লে, হে মহাশয় আপোনাৰ আজ্ঞাৰ দৰে হৈছে; তথাপি এতিয়াও ঠাই আছে।\wj* \p \v 23 \wj তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক’লে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ।\wj* \v 24 \wj কিয়নো মই আপোনালোকক কওঁ, ‘সেই নিমন্ত্ৰিত লোক সকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব’।”\wj* \s প্রকৃত শিষ্যৰ লক্ষণ \p \v 25 তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই ক’লে, \v 26 \wj “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।\wj* \v 27 \wj যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।\wj* \p \v 28 \wj কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?\wj* \v 29 \wj তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব,\wj* \v 30 \wj ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।\wj* \p \v 31 \wj অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব?\wj* \v 32 \wj যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব।\wj* \v 33 \wj এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।\wj* \p \v 34 \wj লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হ’ব?\wj* \v 35 \wj সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহব; তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”\wj* \c 15 \cl 15 অধ্যায় \s মন পালটোৱা পাপী মানুহৰ পৰিত্ৰাণত ঈশ্বৰৰ যে আনন্দ হয়, সেই বিষয়ৰ তিনিটা দৃষ্টান্ত \p \v 1 সেই সময়ত কৰ সংগ্রহকৰী আৰু পাপী লোক সকলে যীচুৰ কথা শুনিবৰ বাবে আহিছিল। \v 2 তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে গৰিহণা কৰি ক’লে, “এই লোক জনে পাপী লোক সকলক গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ সৈতে ভোজন-পানো কৰে।” \p \v 3 তেতিয়া তেখেত সকলক এই দৃষ্টান্ত দি তেওঁ ক’লে, “এশ মেষ থকা কোনো মানুহৰ যদি এটা হেৰায়, \v 4 \wj তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেৰক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?\wj* \v 5 \wj আৰু যেতিয়া হেৰুৱাটোক বিচাৰি পায়, তেতিয়া আনন্দিত হয় আৰু নিজৰ কান্ধত তুলি ঘৰলৈ আনে।\wj* \p \v 6 \wj এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেৰ-পোৱালিটো পালোঁ’।\wj* \v 7 \wj মই আপোনালোকক কওঁ, সেইদৰে মন-পালটন নকৰা নিৰানব্বই জন ধাৰ্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।\wj* \p \v 8 \wj অথবা কোনো এজনী মহিলাৰ দহোটা আধলিৰ যদি এটা হেৰাই, তেওঁ চাকি জ্বলাই ঘৰ সাৰি তাক নোপোৱালৈকে নিবিচাৰিব নে?\wj* \v 9 \wj আৰু হেৰুৱাতো বিচাৰি পালে, তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়া সকলক একলগে গোটায় কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰুৱাইছিলো সেইটো পালোঁ’।\wj* \v 10 \wj সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”\wj* \p \v 11 \wj তেওঁ পুনৰ ক’লে, “কোনো এজন মানুহৰ দুজন পুতেক আছিল;\wj* \v 12 \wj সৰুটোৱে বাপেকক ক’লে, ‘দেউতা ধন, সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক’। তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে।\wj* \p \v 13 \wj অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।\wj* \v 14 \wj তাতে সকলো ধন ব্যয় হোৱাত, সেই দেশত তেওঁৰ বৰ আকাল হ’ল আৰু তাতে সৰু পুতেক জনে কষ্ট পাবলৈ ধৰিলে।\wj* \v 15 \wj তেতিয়া তেওঁ গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয়ত কাম কৰিবলৈ ল’লে। তাতে সেই মানুহ জনে তেওঁক গাহৰি চৰাবলৈ নিজৰ পথাৰলৈ পঠিয়াই দিলে।\wj* \v 16 \wj তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তাতে তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল।\wj* \p \v 17 \wj শেষত তেওঁ চেতনা পাই ক’লে, ‘মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেত ভৰাই খাবলৈ পাই কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছোঁ।\wj* \v 18 \wj মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলোঁ;\wj* \v 19 \wj আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক’।\wj* \p \v 20 \wj পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে।\wj* \v 21 \wj তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’।\wj* \p \v 22 \wj কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;\wj* \v 23 \wj পোহনীয়া দামুৰিটো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক;\wj* \v 24 \wj কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছোঁ’। এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।\wj* \p \v 25 \wj সেই সময়ত বৰ পুতেক পথাৰত আছিল। পাছত তেওঁ আহি ঘৰৰ ওচৰ পাই, বাজনা আৰু নচাৰ শব্দ শুনিলে।\wj* \v 26 \wj তেতিয়া দাসবোৰৰ এটাক মাতি সুধিলে, ‘এইবোৰ নো কি হৈছে’?\wj* \v 27 \wj তেতিয়া দাস জনে ক’লে, ‘তোমাৰ ভায়েৰা আহিল; আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে, পোহনীয়া দামুৰিটো মাৰিব দিলে’।\wj* \p \v 28 \wj তেতিয়া তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ ইচ্ছা নকৰিলে; পাছত দেউতাক ওলাই আহিল আৰু তেওঁক বিনয়েৰে বুজালে,\wj* \v 29 \wj তেতিয়া বৰ পুত্ৰই বাপেকক উত্তৰ দি ক’লে, ‘চাওক, ইমান বছৰে মই আপোনাৰ সেৱা কৰিলোঁ, কেতিয়াও মই আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধু সকলৰ লগত প্ৰীতি ভোজ কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি মোক দিয়া নাই।\wj* \v 30 \wj কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন-সম্পত্তি খৰছ এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘুৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰিটো মাৰিলে’।\wj* \p \v 31 \wj তেতিয়া বাপেকে সেই ল’ৰাক ক’লে, ‘বোপা তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি যি আছে, সকলো তোমাৰেই।\wj* \v 32 \wj কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে৷’”\wj* \c 16 \cl 16 অধ্যায় \s ধন ব্যৱহাৰ কৰাৰ বিষয়ে এটা দৃষ্টান্ত \p \v 1 যীচুৱে শিষ্য সকলক ক’লে, \wj “এজন ধনী মানুহৰ এজন ঘৰগিৰী\wj*\f + \fr 16:1 \fr*\ft তত্বাৱধায়ক\ft*\f* \wj আছিল, এই ঘৰগিৰীয়ে ধনী মানুহ জনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ আনিলে৷\wj* \p \v 2 \wj তেতিয়া সেই ধনী ব্যক্তি জনে ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনক মাতি ক’লে, ‘এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাব মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰী দায়িত্বত থাকিব নোৱাৰা৷’\wj* \p \v 3 \wj তেতিয়া সেই ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনে মনতে ভাবিলে, ‘এতিয়া মই কি কৰিম, যদি মোক এই কর্মৰ পৰা অাতৰাই দিয়ে, মই দিন হাজিৰা কৰি খাবলৈ মোৰ শক্তি নাই আৰু ভিক্ষা কৰিবলৈও মোৰ লাজ লাগে৷\wj* \v 4 \wj মোক ঘৰগিৰী দায়িত্বৰ পৰা অাতৰালেও লোক সকলে যাতে তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰে, সেই কাৰণে কি কৰিব লাগিব তাক মই জানিছোঁ৷’\wj* \p \v 5 \wj তাৰ পাছত তেওঁ ধনী মানুহ জনৰ প্ৰতিজন ধৰুৱাক মাতিলে আৰু তেওঁ প্ৰথম জনক সুধিলে, ‘আমাৰ গৰাকীক কিমান ঋণ পৰিশোধ কৰিবলৈ আছে?’\wj* \v 6 \wj তেওঁ ক’লে, ‘এশ মোন তেল৷’ ঘৰগিৰীয়ে তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু ইয়াতে সোনকালে পঞ্চাশ লিখা৷’\wj* \v 7 \wj তাৰ পাছত আন জনক সুধিলে, ‘তোমাৰ কিমান দিবলগীয়া ঋণ আছে?’ তেওঁ ক’লে, ‘এশ মোন ঘেহুঁ৷’ তেতিয়া তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু আশী লিখা৷’\wj* \p \v 8 \wj তেওঁ সকলো কাম আগ-পাছ বিচাৰ কৰি বুদ্ধিমান লোকৰ দৰে কৰিছিল৷ এই হেতুকে ধনী লোক জনে ঘৰগিৰীক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিৱন্ত৷\wj* \v 9 \wj মই তোমালোকক কওঁ, অযথার্থ ধনেৰে অাপোনালোকে নিজলৈ বন্ধু লাভ কৰে, কিন্তু যেতিয়া সম্পদৰ অন্ত পৰিব, তেতিয়া তেওঁলোকে অাপোনালোকক অনন্ত নিবাসত গ্ৰহণ কৰিব৷\wj* \p \v 10 \wj যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যিজন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷\wj* \p \v 11 \wj এই কাৰণে পার্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেনেহলে প্ৰকৃত ধনত আপোনাক কোনে বিশ্বাস কৰিব?\wj* \v 12 \wj যদি অন্য লোকৰ বিষয়ত বিশ্বাসী নহোৱা, তেনেহলে যি অাপোনাৰ নিজৰ তাক কেনেকৈ অাপোনাক দিব৷\wj* \p \v 13 \wj কোনো চাকৰে দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব, নাইবা এজনত আসক্ত হৈ আন জনক হেয়ঞ্জান কৰিব৷ আপোনালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে কৰ্ম কৰিব নোৱাৰা৷”\wj* \p \v 14 \wj এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷\wj* \v 15 \wj তেতিয়া তেওঁ তেওঁলোকক ক’লে, “আপোনালোকে মানুহৰ আগত নিজকে নিজে ধার্মিক প্ৰমাণিত কৰোঁতা, কিন্তু ঈশ্বৰে আপোনালোকৰ হৃদয় জানে; এতেকে মানুহৰ মাজত যি উত্তম, ঈশ্বৰে দেখাত সেয়ে ঘিণলগীয়া৷\wj* \p \v 16 \wj যোহন অহালৈকে বিধান আৰু ভাববাদী সকলৰ বাক্য আছিল; তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবার্তা ঘোষণা কৰা হৈছে, প্ৰতিজনে অতি আগ্ৰহেৰে সেই ৰাজ্যত প্ৰৱেশ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷\wj* \v 17 \wj কিন্তু বিধানৰ এক বিন্দু লুপ্ত হোৱাতকৈ আকাশ আৰু পৃথিৱী লুপ্ত হোৱা সহজ৷\wj* \p \v 18 \wj যি কোনোৱে নিজৰ পত্নিক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে; যদি সেই পৰিত্যক্তা মহিলা গৰাকীক আন কোনো লোকে বিয়া পাতে তেৱোঁ ব্যভিচাৰ কৰে৷\wj* \p \v 19 \wj কোনো এজন ধনী মানুহ আছিল৷ তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি, প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল৷\wj* \v 20 \wj লাজাৰ নামেৰে গোটেই শৰীৰত ঘা লগা এজন মগনীয়া সেই ধনী ব্যক্তি জনৰ দুৱাৰত থোৱা হৈছিল৷\wj* \v 21 \wj সেই ধনী ব্যক্তি জনৰ টেবুলৰ তলত পৰা খোৱা বস্তুৰে পেট পুৰাবলৈ মগনীয়া জনে আশা কৰি ৰৈ থাকিছিল৷ তাতে কুকুৰবোৰেও আহি তাৰ ঘাঁবোৰ চেলেকি থাকে৷\wj*\f + \fr 16:21 \fr*\ft মথি 6:20; 1তীম 6:17-19; যাক 2:5\ft*\f* \p \v 22 \wj কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷\wj* \v 23 \wj ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত অব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷\wj* \p \v 24 \wj তেতিয়া ধনী ব্যক্তি জনে চিঞৰি ক’লে, ‘পিতৃ অব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক৷’\wj* \p \v 25 \wj কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘বোপা, তুমি জীৱনৰ আয়ুস কালত যেনেদৰে নিজক সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে লাজাৰে তাত দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷\wj* \v 26 \wj এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’।\wj* \p \v 27 \wj ধনী ব্যক্তি জনে ক’লে, “হে পিতৃ, তেনেহলে দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক৷\wj* \v 28 \wj তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷\wj* \p \v 29 \wj কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷’\wj* \v 30 \wj তেতিয়া সেই ধনী ব্যক্তি জনে ক’লে, ‘তেনে নহওক পিতৃ অব্ৰাহাম, কিন্তু মৃত সকলৰ মাজৰ পৰা যদি কোনো এজন তেওঁলোকৰ ওচৰলৈ যায়, তেনেহলে তেওঁলোকে মন পালটাব৷’\wj* \p \v 31 \wj তেতিয়া তেওঁক অব্ৰাহামে ক’লে, ‘যদি তেওঁলোকে মোচি আৰু ভাববাদী সকলৰ বাক্য নুশুনে, তেনেহলে মৃত সকলৰ মাজৰ পৰা কোনো এজন উঠি গৈ কলেও তেওঁলোকে নুশুনিব৷’”\wj* \c 17 \cl 17 অধ্যায় \s বিঘিনি, ক্ষমা, বিশ্বাস, আৰু নম্ৰতাৰ বিষয়ে শিক্ষা \p \v 1 যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, \wj “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।\wj* \v 2 \wj সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।\wj* \v 3 \wj তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।\wj* \v 4 \wj তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”\wj* \p \v 5 তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।” \v 6 তেতিয়া প্ৰভুৱে ক’লে, \wj “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।\wj* \p \v 7 \wj তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’\wj* \v 8 \wj তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’\wj* \v 9 \wj সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?\wj* \v 10 \wj তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”\wj* \s দহ জন কুষ্ঠ ৰোগীক সুস্থ কৰা \p \v 11 যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল। \v 12 সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি, \v 13 বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।” \p \v 14 তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, \wj “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।”\wj* পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল। \v 15 তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল; \v 16 আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল। \v 17 ইয়াকে দেখি যীচুৱে ক’লে, \wj “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?\wj* \v 18 \wj এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”\wj* \v 19 পাছত যীচুৱে তেওঁক ক’লে, \wj “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”\wj* \s ঈশ্বৰৰ ৰাজ্যৰ আগমণৰ বিষয়ে শিক্ষা \p \v 20 ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে, \v 21 \wj “ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”\wj* \p \v 22 পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, \wj “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।\wj* \v 23 \wj মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা।\wj* \v 24 \wj কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব।\wj* \p \v 25 \wj কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব।\wj* \v 26 \wj নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।\wj* \v 27 \wj নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।\wj* \p \v 28 \wj সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।\wj* \v 29 \wj কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।\wj* \v 30 \wj সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।\wj* \v 31 \wj সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।\wj* \p \v 32 \wj লোটৰ তিৰোতাক সোঁৱৰা।\wj* \v 33 \wj যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।\wj* \p \v 34 \wj মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব।\wj* \v 35 \wj দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব।\wj* \v 36 \wj দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।”\wj* \v 37 তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, \wj “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”\wj* \c 18 \cl 18 অধ্যায় \s সফল প্রাৰ্থনাৰ বিষয়ে দুটা দৃষ্টান্ত \p \v 1 নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে, \v 2 \wj “এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল।\wj* \p \v 3 \wj সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, ‘অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক’।\wj* \v 4 \wj তাতে তেওঁ কিছু দিনলৈ সন্মত নহ’ল; কিন্তু পাছত নিজৰ মনতে ক’লে, ‘মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো,\wj* \v 5 \wj তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুণৰ আহি মোক আমনি দিব’।”\wj* \p \v 6 পাছত প্ৰভুৱে ক’লে, \wj “সেই অধাৰ্মিক বিচাৰকে কি কয়, ‘শুনা।\wj* \v 7 \wj তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’\wj* \v 8 \wj মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”\wj* \p \v 9 ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে। \v 10 \wj “দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।\wj* \p \v 11 \wj ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী,\wj*\f + \fr 18:11 \fr*\fq ব্যভিচাৰী \fq*\ft অধৰ্মি\ft*\f* \wj নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।\wj* \v 12 \wj মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।\wj* \p \v 13 \wj কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।\wj* \v 14 \wj মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”\wj* \s শিশু সকললৈ যীচুৰ অনুগ্রহ \p \v 15 এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে। \v 16 তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, \wj “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা: কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।”\wj* \v 17 \wj এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক’লে, “তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।”\wj* \s এজন ধনী শাসনকর্তাৰ প্রশ্ন আৰু উত্তৰ \p \v 18 এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?” \v 19 যীচুৱে ক’লে, \wj “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।\wj* \v 20 \wj তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”\wj* \v 21 তাতে শাসনকর্তাই ক’লে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।” \p \v 22 যীচুৱে এই কথা শুনি তেওঁক ক’লে, \wj “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷”\wj* \v 23 তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল। \p \v 24 তেতিয়া যীচুৱে তেওঁক দেখি ক’লে, \wj “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!\wj* \v 25 \wj কিয়নো ধনী লোক ‘ঈশ্বৰৰ ৰাজ্যত’ সোমোৱাতকৈ, বেজীৰ বিন্ধাৰে উট সৰকি যোৱাই সহজ।”\wj* \p \v 26 যি সকল লোকে এই কথা শুনিলে তেওঁলোকে ক’লে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?” \v 27 যীচুৱে উত্তৰ দি ক’লে, \wj “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।”\wj* \p \v 28 তেতিয়া পিতৰে ক’লে, “চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলোঁ।” \v 29 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, \wj “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে,\wj* \v 30 \wj এই পৃথিৱীত তেওঁৰ অধিক গুণ, আৰু পৰকালত ‘অনন্ত জীৱন’ নাপাব, এনে কোনো নাই।”\wj* \s নিজৰ মৃত্যু আৰু পুনৰুত্থান বিষয়ে তৃতীয় বাৰ জনোৱা \p \v 31 পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক’লে, \wj “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ’ব।\wj* \v 32 \wj কিয়নো অনা-ইহুদী লোকৰ হাতত তেওঁক শোধাই দিয়া হ’ব; তাতে মানুহে তেওঁক বিদ্রপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব,\wj* \v 33 \wj আৰু চাবুকেৰে কোবাই তেওঁক বধ কৰিব; পাছত তিনি দিনৰ দিনা তেওঁ আকৌ উঠিব।”\wj* \p \v 34 কিন্তু এই কথা তেওঁ কিয় ক’লে, সেই বিষয়ে তেওঁলোকে একো নুবুজিলে; তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে, যি বাক্য কোৱা হ’ল; সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে। \s যিৰীহোত এজন অন্ধক চকু দিয়া \p \v 35 পাছত তেওঁ যিৰীহোৰ ওচৰ পোৱাত, এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি অাছিল। \v 36 তাতে মানুহৰ দল এটাই সেই বাটেদি যোৱা শুনি, তেওঁ তাৰ কাৰণ সুধিলে। \v 37 তেতিয়া তেওঁলোকে তেওঁক ক’লে, “নাচৰতীয়া যীচু এই বাটেদি গৈ আছে।” \p \v 38 তেতিয়া তেওঁ ৰিঙিয়াই ক’লে, “হে যীচু, দায়ুদৰ সন্তান, মোক দয়া কৰক।” \v 39 তাতে তেওঁক মনে মনে থাকিবৰ বাবে আগে আগে যোৱা মানুহবোৰে আহি তেওঁক ডবিয়ালে; কিন্তু তেওঁ তেতিয়া বেচিকৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক।” \p \v 40 তেতিয়া যীচু থমকি ৰ’ল আৰু তেওঁৰ ওচৰলৈ মানুহ জনক আনিবলৈ আজ্ঞা দিলে। \v 41 পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, \wj “মই কি কৰাটো তোমাৰ ইচ্ছা?”\wj* তেতিয়া তেওঁ ক’লে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।” \p \v 42 তেতিয়া যীচুৱে তেওঁক ক’লে, \wj “তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।”\wj* \v 43 সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গ’ল; মানুহবোৰে এই কার্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে। \c 19 \cl 19 অধ্যায় \s চক্কেয়ৰ মন-পালটন \p \v 1 পাছত যীচু যিৰীহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে। \v 2 সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰহক সকলৰ প্ৰধান আৰু ধনী আছিল। \p \v 3 তেওঁ যীচুক চাবলৈ অৰ্থাৎ যীচু নো কোন হয় জানিবৰ বাবে, তেওঁক চাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মানুহৰ ভিৰ বেছি হোৱা বাবে যীচুক দেখা নাপালে, কাৰণ তেওঁ চুটি-চাপৰ লোক আছিল। \v 4 সেয়েহে তেওঁ সকলোৰে আগত বেগাই গ’ল আৰু যি পথেৰে যীচু আহি আছিল, সেই পথৰ কাষত থকা ডিমৰু গছ এজোপাত উঠি যীচুক চাবলৈ ধৰিলে। \p \v 5 পাছত যীচুৱে সেই ঠাই পাওঁতে, ওপৰলৈ চাই তেওঁক দেখি ক’লে, \wj “হে চক্কেয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে৷”\wj* \v 6 তেতিয়া তেওঁ বেগাই নামি আহি, আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গ’ল। \v 7 তাকে দেখি সকলোৱেই ভোৰভোৰাই কবলৈ ধৰিলে, “এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হ’বলৈ গৈছে।” \f + \fr 19:7 \fr*\ft মথি 9:11; লূক 5:30; \ft*\f* \p \v 8 তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ\f + \fr 19:8 \fr*\ft যা 22:1\ft*\f* ওভোতাই দিওঁ।” \v 9 তেতিয়া যীচুৱে তেওঁক ক’লে, \wj “আজি এই ঘৰলৈ পৰিত্রাণ আহিল; কিয়নো এৱোঁ অব্ৰাহামৰেই সন্তান।\wj* \v 10 \wj কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।”\wj*\f + \fr 19:10 \fr*\ft 1 তী 1:15\ft*\f* \s দহ মিনা (অৰ্থাৎ, এশ দিনৰ মজুৰী) বা সোণৰ মুদ্ৰাৰ দৃষ্টান্ত \p \v 11 যেতিয়া লোক সকলে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ যিৰূচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হ’ব বুলি তেওঁলোকে ভাবি থকাত, তেওঁ পুনৰ এটা কথা দৃষ্টান্ত দি ক’বলৈ ধৰিলে, \f + \fr 19:11 \fr*\ft মথি 25:14-30; মাৰ্ক 13:34 এমিনাৰ মূল্য প্ৰায় এশ টকা৷\ft*\f* \v 12 \wj “এজন ভদ্ৰবংশীয় লোকে তেওঁৰ নিজৰ বাবে ৰাজপদ লৈ উলটি আহিবৰ বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে।\wj* \p \v 13 \wj তেওঁ যোৱা সময়তে তেওঁৰ দহ জন দাসক মাতি আনি, তেওঁলোকক দহ মিনা ৰূপ দি ক’লে, ‘মই আহি নোপোৱালৈকে বেপাৰ কৰিবা’\wj* \v 14 \wj কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’।\wj* \v 15 \wj তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ উলতি আহিল আৰু যি সকল দাসক তেওঁ ধন দি গৈছিল, তেওঁলোকক মাতি পঠালে৷ তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে; সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক শুধিব ধৰিলে৷\wj* \p \v 16 \wj তেতিয়া প্ৰথম জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ’ল’।\wj* \v 17 \wj তাতে তেওঁ তাক ক’লে, ‘চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’।\wj* \p \v 18 \wj পাছত দ্বিতীয় জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ’ল’।\wj* \v 19 \wj তাতে ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা’।\wj* \p \v 20 \wj আৰু আন এজন দাসে আহি ক’লে, ‘হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওক,\wj* \v 21 \wj কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে আৰু যিহক বোৱা নাই, তাকে দায়; এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ’।\wj* \p \v 22 \wj ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি;\wj* \v 23 \wj তেনেহলে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? মহাজনৰ তাত থোৱা হ’লে, মই আহি সুতে সৈতে তাক উলিয়াই ললোহেঁতেন’?\wj* \p \v 24 \wj পাছত ওচৰত থিয় হৈ থকা সকলক তেওঁ ক’লে, ‘ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া’।\wj* \v 25 \wj তেতিয়া তেওঁলোকে তেওঁক ক’লে, ‘হে প্ৰভু, তাৰ দহ মিনা আছেই’।\wj* \p \v 26 \wj ‘মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হ’ব;\wj* \f + \fr 19:26 \fr*\ft মথি2514-30; মাৰ্ক 13:34\ft*\f*\wj কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হ’ব।\wj* \v 27 \wj কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”\wj* \s যীচুৰ জয়-যাত্ৰা \p \v 28 এই সকলো কথা কোৱাৰ পাছত তেওঁ তেওঁলোকৰ আগে আগে যিৰূচালেম অভিমুখে যাত্ৰা কৰিলে। \p \v 29 পাছত তেওঁ জৈতুন পৰ্বতৰ কাষৰ বৈৎফগী আৰু বৈথনিয়া গাৱঁৰ ওচৰ পোৱাত, তেওঁ দুজন শিষ্যক এই আদেশ দি পঠিয়াই \v 30 ক’লে, \wj “সন্মুখৰ গাওঁখন লৈ তোমালোক যোৱা; তাত সোমাওঁতে, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মুকলি কৰি মোৰ ওচৰলৈ আনাগৈ;\wj* \v 31 \wj আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সুধে, তেনেহলে এইদৰে ক’বা, ‘প্ৰভুৰ ইয়াৰ প্ৰয়োজন আছে’।”\wj* \p \v 32 তেতিয়া যি সকলক পঠোৱা হ’ল, তেওঁলোকে যীচুৱে কোৱাৰ দৰেই সকলোকে পালে। \v 33 তেওঁলোকে গৈ গাধ পোৱালিটো মেলোতেই তাৰ গৰাকী সকলে সুধিলে, “গাধ পোৱালিটো কিয় মেলিছা?” \v 34 তেতিয়া তেওঁলোকে ক’লে, “প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।” \v 35 পাছত যীচুৰ ওচৰলৈ সেই গাধ পোৱালিটো আনিলে আৰু তেওঁলোকে নিজ নিজ কাপোৰ তাৰ পিঠিত পাৰি দি, তাৰ ওপৰত যীচুক বহুৱালে; \v 36 আৰু তেওঁ গৈ থাকোতে মানুহবোৰে তেওঁলোকৰ কাপোৰবোৰ বাটত পাৰি দিলে। \p \v 37 পাছত তেওঁ যিৰূচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত, গোটেই শিষ্য সকলে, যি যি পৰাক্ৰম কাৰ্য দেখিছিল, তাৰ কাৰণে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে, \v 38 আৰু ক’লে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, \f + \fr 19:38 \fr*\ft গীত 11:26, লূক 13:35\ft*\f* তেওঁ ধন্য! স্বৰ্গত শান্তি, \f + \fr 19:38 \fr*\ft লূক 2:14; ইফি 2:14\ft*\f* আৰু উৰ্দ্ধলোকত মহিমা হওক!” \p \v 39 তেতিয়া লোক সকলৰ মাজৰ পৰা ফৰীচী সকলৰ কোনো কোনোৱে আহি তেওঁক ক’লে, “হে গুৰু, আপোনাৰ শিষ্য সকলক ডবিয়াওক।” \v 40 তেতিয়া যীচুৱে উত্তৰ দি ক’লে, \wj “মই তোমালোকক কওঁ, এওঁলোকে মনে মনে থাকিলে, শিলবোৰে আটাহ পাৰিব।”\wj* \s যিৰূচালেমৰ কাৰণে বিলাপ কৰা \p \v 41 পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি শোকাতুৰ হৈ কান্দিলে \v 42 আৰু ক’লে, \wj “হায়! হায়! তোমাৰ এই দিনত শান্তিজনক কি, সেই বিষয়ে তুমি জনা হ’লে! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা সেইবোৰ লুকুৱা হৈছে।\wj* \p \v 43 \wj কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব,\wj* \v 44 \wj সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তান সকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব; কাৰণ তোমাৰ তত্ত্বাৱধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল, সেই কথা তুমি নুবুজিলা৷”\wj* \s মন্দিৰ পৰিস্কাৰ কৰা \p \v 45 পাছত\f + \fr 19:45 \fr*\ft মথি 9:12, 13; মাৰ্ক 11:15, 16; যো 20:14-16\ft*\f* তেওঁ যিৰূচালেম মন্দিৰত সোমাই, তাত থকা বিক্ৰেতা সকলক বাহিৰ কৰিবলৈ ধৰিলে, আৰু \v 46 সিহঁতক ক’লে, \wj “লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ হ’ব’,\wj*\f + \fr 19:46 \fr*\ft যিচ 56:7\ft*\f* \wj কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।”\wj*\f + \fr 19:46 \fr*\ft যিৰি 7:11\ft*\f* \p \v 47 তেতিয়াৰে পৰা যীচুৱে নিতৌ সেই মন্দিৰত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু প্ৰধান লোক সকলে তেওঁক বধ কৰিবলৈ ছল বিচাৰিব ধৰিলে; \v 48 কিন্তু সকলো মানুহে তেওঁৰ কথা একান্তমনে শুনি থকাত, তেওঁলোকে কি কৰিব পাৰিব, তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে। \c 20 \cl 20 অধ্যায় \s যীচুৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন \p \v 1 এদিন যীচুৱে যিৰূচালেম মন্দিৰত শুভবাৰ্তা প্ৰচাৰ কৰি, লোক সকলক যেতিয়া উপদেশ দি আছিল, তেতিয়া পৰিচাৰক সকলৰ সৈতে প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ ওচৰলৈ আহিল৷ \v 2 তেওঁলোকে তেওঁক সুধিলে, “আমাক কোৱা, তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? বা তোমাক এই ক্ষমতা দিওঁতা জন কোন?” \p \v 3 তেতিয়া তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, \wj “ময়ো তোমালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, তোমালোকে মোক উত্তৰ দিয়া!\wj* \v 4 \wj যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা, নে মানুহৰ পৰা হৈছিল?”\wj* \p \v 5 তেতিয়া তেওঁলোকে ইজনে সিজনে বিবেচনা কৰি ক’লে, “‘স্বৰ্গৰ পৰা’ বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা বুলি তেওঁ ক’ব। \v 6 কিন্তু আমি যদি কওঁ, ‘মানুহৰ পৰা’, তেনেহলে লোক সকলে আমাক শিল দলিয়াই মাৰিব; কাৰণ লোক সকলে যোহনক এজন ভাববাদীৰূপে দৃঢ় বিশ্বাস কৰে।” \p \v 7 তেওঁলোকে তেতিয়া উত্তৰ দি ক’লে, “সেয়ে ক’ৰ পৰা আহিল, সেই বিষয়ে আমি নাজানো।” \v 8 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, \wj “তেনেহলে, কি ক্ষমতাৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”\wj* \s কেইজনমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত \p \v 9 পাছত তেওঁ লোক সকলৰ আগত এই দৃষ্টান্ত দি ক’বলৈ ধৰিলে, \wj “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি\wj*\f + \fr 20:9 \fr*\ft যিচ 5:1-7\ft*\f* \wj তাক খেতিয়ক সকলৰ হাতত গতাই দি বহু দিনৰ কাৰণে আন দেশলৈ গ’ল।\wj* \v 10 \wj পাছত সেই খেতিয়ক সকলে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, এই কাৰণে বতৰৰ দিনত, তেওঁ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। কিন্তু খেতিয়ক সকলে তেওঁক কোবাই, শুদা-হাতে খেদি দিলে৷\wj* \p \v 11 \wj আকৌ তেওঁ আন এজন দাসক পঠিওৱাত, তেওঁলোকে তেওঁকো কোবাই, অপমান কৰি শুদা-হাতে খেদি দিলে।\wj* \v 12 \wj তৃতীয় বাৰ আন এজনক পঠিওৱাত, তেওঁলোকে তেওঁকো আঘাত কৰি বাহিৰলৈ পেলাই দিলে।\wj* \p \v 13 \wj তেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ক’লে, ‘মই কি কৰিম? মোৰ প্ৰিয় পুত্ৰক পঠাই দিম; কিজানি তেওঁলোকে তেওঁক আদৰ কৰিব!’\wj* \v 14 \wj কিন্তু খেতিয়ক সকলে তেওঁক দেখি ইজনে সিজনে কোৱা-মেলা কৰি ক’লে, ‘এৱেঁই উত্তৰাধিকাৰী;\wj*\f + \fr 20:14 \fr*\ft গীত 2:7, 8; ইব্ৰী 1:2\ft*\f* \wj আহা, উত্তৰাধিকাৰ আমাৰ হ’বলৈ এওঁক বধ কৰোঁহক৷’\wj* \p \v 15 \wj এই বুলি তেওঁলোকে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি বধ কৰিলে। এই হেতুকে সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে তেওঁলোকক কি কৰিব?\wj* \v 16 \wj তেওঁ আহি সেই খেতিয়ক সকলক সংহাৰ কৰি, আন লোকৰ হাতত দ্ৰাক্ষাবাৰী দিব৷” তেতিয়া এই কথা শুনা লোক সকলে ক’লে, “ঈশ্বৰে এনে নকৰক!”\wj* \p \v 17 তাতে তেওঁ তেওঁলোকলৈ চাই ক’লে, \wj “এই লিখা বচনৰ অৰ্থ কি?\wj* \q \wj ‘তেনেহলে ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’?\wj*\f + \fr 20:17 \fr*\ft গীত 18: 22\ft*\f* \p \v 18 \wj সেই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত সেই শিল পৰিব, তেওঁক ধূলিৰ দৰে গুড়ি কৰি পেলাব।”\wj* \s ৰাজকৰ, পুনৰুত্থান আৰু দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন \p \v 19 বিধানৰ অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে তেওঁলোকৰ বিৰুদ্ধে যীচুৱে এই দৃষ্টান্ত ক’লে বুলি জানি, সেই সময়তেই তেওঁক হাতে-হাতে ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু লোক সকলৰ বাবে ভয় কৰিলে। \v 20 তাতে তেওঁলোকে তেওঁৰ ধাৰ্মিকতাত সাৱধানতাৰে সতৰ্ক দৃষ্টি ৰাখি, তেওঁৰ কথাত যেন দায় ধৰিব পাৰে আৰু তেওঁক দেশৰ অধিকাৰী আৰু শাসনকৰ্তাৰ হাতত যেন শোধাই দিব পাৰে, এই কাৰণে সাধুৰ বেশ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে। \p \v 21 পাছত তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আপুনি যথাৰ্থৰূপে কথা কৈছে আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই, পক্ষপাত নকৰাকৈ ঈশ্বৰৰ পথ দেখুৱাই আছে, ইয়াক আমি জানোঁ। \v 22 কিন্তু বিধানৰ মতে আমি চীজাৰক কৰ দিব পায় নে নাপায়?” \p \v 23 যীচুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক ক’লে, \v 24 \wj “মোক এটা আধলি\wj* \f + \fr 20:24 \fr*\fq আধলি \fq*\ft দীনাৰ\ft*\f*\wj দেখুওঁৱা। ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে?”\wj* তেওঁলোকে ক’লে, “চীজাৰৰ।” \p \v 25 তেতিয়া তেওঁ তেওঁলোকক ক’লে, \wj “তেনেহলে যি চীজাৰৰ, সেই চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”\wj* \v 26 তাতে অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে লোক সকলৰ আগত তেওঁৰ কথাত দোষ ধৰিব নোৱাৰিলে৷ তেওঁৰ উত্তৰত কেৱল বিস্ময় মানি নিজম দি থাকিল। \p \v 27 পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকলৰ কোনো কোনোৱে তেওঁৰ ওচৰলৈ আহি সুধিলে, \v 28 “হে গুৰু, ককাই-ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেনেহলে, তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে। \p \v 29 বাৰু, কোনো সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া পাতি নিঃসন্তান হৈ মৰিল। \v 30 ক্ৰমান্বয়ে দ্বিতীয় জনে তাইৰে সৈতে বিয়া পাতিলে আৰু \v 31 তৃতীয় জনেও তাইকেই বিয়া কৰিলে; সেইদৰে সাত জনেই সন্তান নথকাকৈ মৰিল। \v 32 অৱশেষত সেই পত্নীও ঢুকাল। \v 33 এতিয়া পুনৰুত্থানৰ সময়ত তেওঁ কোন জনৰ পত্নী হব, কাৰণ সাত জনেই তেওঁক বিয়া কৰাইছিল?” \p \v 34 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, \wj “এই যুগৰ সন্তান সকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়;\wj* \v 35 \wj কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি\wj*\f + \fr 20:35 \fr*\ft প্ৰ 3:4\ft*\f* \wj গণ্য হয়, তেওঁলোকে বিয়া নকৰাই আৰু বিয়া দিয়াও নহয়।\wj* \v 36 \wj তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।\wj* \p \v 37 \wj মোচিয়ে জোপোহাৰ আঁৰত থকা\wj*\f + \fr 20:37 \fr*\ft যা 3:5\ft*\f* \wj প্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল।\wj* \v 38 \wj এতিয়া তেওঁ মৃত লোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।”\wj*\f + \fr 20:38 \fr*\ft ৰো 6:10, 11 \ft*\f* \p \v 39 তাতে কোনো কোনো বিধানৰ অধ্যাপকে উত্তৰ দি ক’লে, “হে গুৰু, আপুনি ভাল কৈছে।” \v 40 কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহস নহ’ল। \p \v 41 যীচুৱে তেওঁলোকক ক’লে, \wj “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক কেনেকৈ কয়?\wj* \v 42 \wj কিয়নো দায়ুদে নিজে গীতমালা পুস্তকত কৈছে,\wj*\f + \fr 20:42 \fr*\ft গীত 110:1, পাঁ 2:36\ft*\f* \q \wj প্ৰভুৱে মোৰ প্ৰভুক ক’লে,\wj* \q \wj ‘মোৰ সোঁ হাতে বহি থাকা,\wj* \q \v 43 \wj যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।’\wj* \p \v 44 \wj এইদৰে দায়ুদে তেওঁক ‘প্ৰভু’ বুলিলে; তেনেহলে তেওঁ কেনেকৈ দায়ুদৰ সন্তান হ’ব পাৰে?”\wj* \s অধ্যাপক সকলৰ পৰা সাৱধানে থাকিবলৈ আদেশ \p \v 45 পাছে সকলো লোকে শুনাকৈ, তেওঁ তেওঁৰ শিষ্য সকলক ক’লে, \v 46 \wj “এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নাম-ঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভালপায়;\wj* \v 47 \wj আৰু বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, তেওঁলোকে অৱশ্যে অধিক দণ্ড পাব।”\wj* \c 21 \cl 21 অধ্যায় \s প্ৰকৃত দানশীলা মহিলাক প্ৰশংসা কৰা \p \v 1 পাছত\f + \fr 21:1 \fr*\ft মাৰ্ক 12:41-44\ft*\f* তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে। \v 2 কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে। \v 3 তাতে তেওঁ ক’লে, \wj “মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে।\wj*\f + \fr 21:3 \fr*\ft 2 কৰি 8:12\ft*\f* \v 4 \wj কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”\wj* \s খ্ৰীষ্টৰ পুনৰাগমনৰ বিষয়ে জনোৱা \p \v 5 পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে, \v 6 \wj “এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”\wj* \p \v 7 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?” \v 8 তাতে যীচুৱে ক’লে, \wj “তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা।\wj*\f + \fr 21:8 \fr*\ft ইফি 5:6; 2 থি 2:3\ft*\f* \wj কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা।\wj* \v 9 \wj যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা;\wj*\f + \fr 21:9 \fr*\ft গীত 46:1-3\ft*\f* \wj কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।”\wj* \p \v 10 তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, \wj “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;\wj* \v 11 \wj আৰু বৰ বৰ ভূমিকম্প হ’ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব।\wj* \p \v 12 \wj কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব;\wj*\f + \fr 21:12 \fr*\ft পাঁ 4:3; 5:18; 12:4; 16:24\ft*\f* \wj আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।\wj* \v 13 \wj সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।\wj* \p \v 14 \wj এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা;\wj* \v 15 \wj কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।\wj*\f + \fr 21:15 \fr*\ft পাঁ 6:10\ft*\f* \p \v 16 \wj আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।\wj* \v 17 \wj তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা।\wj*\f + \fr 21:17 \fr*\ft মথি 10:22; যো 17:14\ft*\f* \v 18 \wj কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।\wj* \v 19 \wj তোমালোকে নিজ ধৈৰ্যৰে,\wj*\f + \fr 21:19 \fr*\ft ইব্ৰী 10:36; যাক 1:4\ft*\f* \wj নিজ নিজ প্ৰাণ লাভ কৰিবা।\wj* \p \v 20 \wj যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।\wj* \v 21 \wj তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক।\wj* \v 22 \wj এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব।\wj* \p \v 23 \wj সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব।\wj* \v 24 \wj তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।\wj* \p \v 25 \wj তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷\wj* \v 26 \wj পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।\wj* \p \v 27 \wj তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।\wj*\f + \fr 21:27 \fr*\ft প্ৰ 1:7; 14:14\ft*\f* \v 28 \wj কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”\wj* \p \v 29 পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, \wj “ডিমৰু আদি সকলো গছ চোৱা;\wj* \v 30 \wj সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।\wj* \v 31 \wj সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা।\wj* \p \v 32 \wj মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব।\wj* \v 33 \wj স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব।\wj*\f + \fr 21:33 \fr*\ft যিচ 40:8\ft*\f* \p \v 34 \wj কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা\wj*\f + \fr 21:34 \fr*\ft 1 থি 5:2; 2 পি 3:10; প্ৰ 16:15\ft*\f* \wj সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।\wj*\f + \fr 21:34 \fr*\ft ৰো 13:12, 13; 1 থি 5:6-8; 1 পি 4:7\ft*\f* \v 35 \wj কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।\wj* \p \v 36 \wj কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”\wj* \p \v 37 সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল। \v 38 সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল। \c 22 \cl 22 অধ্যায় \s যীচুৰ বিপক্ষে কুমন্ত্ৰণা \p \v 1 সেই সময় খমিৰ নোহোৱা পর্বৰ ওচৰ হোৱাত, এই পর্বক নিস্তাৰ-পৰ্ব বোলা হয়, \v 2 তেতিয়া প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক বধ কৰিব পাৰে, তাৰে উপায় বিচাৰিলে; কিয়নো তেওঁলোকে লোক সকলক ভয় কৰিছিল। \p \v 3 তেতিয়া বাৰ জন পাঁচনিৰ মাজৰ যিহূদা, যাৰ উপনাম ঈষ্কৰিয়োতীয়া, তেওঁৰ ভিতৰত চয়তান সোমাল। \v 4 তাতে তেওঁ গৈ, কেনেকৈ যীচুক তেওঁলোকৰ হাতত শোধাই দিব পাৰে, সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতি সকলৰ সৈতে কথা-বাৰ্ত্তা হ’ল। \p \v 5 তেতিয়া তেওঁলোকে আনন্দিত হ’ল আৰু তেওঁক ধন দিবলৈ সন্মত হ’ল। \v 6 তাতে তেওঁ মান্তি হ’ল\f + \fr 22:6 \fr*\ft জক 11:12\ft*\f* আৰু লোক সকল নথকা সময়ত, তেওঁলোকৰ হাতত তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিলে। \s যীচুৱে নিস্তাৰ পৰ্বৰ ভোজ পালন কৰা আৰু প্ৰভু-ভোজ স্থাপন কৰা \p \v 7 খমিৰ নোহোৱা পিঠাৰ দিন, যিদিনা নিস্তাৰপৰ্বৰ মেৰ বলি দিব লাগে, সেইদিন উপস্থিত হোৱাত, \v 8 যীচুৱে পিতৰ আৰু যোহনক পঠিয়াই দি ক’লে, \wj “তোমালোক যোৱা, আমি ভোজন কৰিবলৈ নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰাগৈ।”\wj* \v 9 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি ক’ত যুগুত কৰাতো আপুনি ইচ্ছা কৰে?” \p \v 10 তেওঁ তেওঁলোকক ক’লে, \wj “চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই, পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব৷ তেওঁ যি ঘৰত সোমায়, তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাবা৷\wj* \v 11 \wj তেতিয়া ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে তোমাক কবলৈ কৈছে, বোলে মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠালি ক’ত আছে’?\wj* \p \v 12 \wj তাতে সেই মানুহে সজোৱা ওপৰ-মহলৰ এটা ডাঙৰ কোঁঠালি তোমালোকক দেখুৱাই দিব৷ তাতে তোমালোকে যুগুত কৰিবা।”\wj* \v 13 তেতিয়া তেওঁলোক গ’ল আৰু তেওঁ কোৱাৰ দৰে তাত সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে। \p \v 14 সময় হোৱাত, তেওঁ পাঁচনি সকলৰ সৈতে ভোজনত বহিল। \v 15 তেতিয়া তেওঁ তেওঁলোকক ক’লে, \wj “মোৰ দুখভোগৰ আগেয়ে তোমালোকে সৈতে এই নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ।\wj* \v 16 \wj কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এয়ে সিদ্ধ নোহোৱালৈকে, মই এই ভোজ পুনৰ নাখাওঁ।”\wj* \p \v 17 পাছত যীচুৱে পান-পাত্ৰ লৈ স্তুতি কৰি ক’লে, \wj “এইটো লোৱা আৰু তোমালোকৰ মাজত ভগাই লোৱা;\wj* \v 18 \wj কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য আহি নোপোৱালৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।”\wj* \p \v 19 তাৰ পাছত\f + \fr 22:19 \fr*\ft 1 কৰি 11:23-26\ft*\f* পিঠা লৈ তেওঁ স্তুতি কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, \wj “এয়ে তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ; মোক সুৱঁৰিবলৈ ইয়াকে কৰিবা।”\wj* \v 20 পিঠা ভোজন কৰাৰ পাছত, সেইদৰে পান-পাত্ৰকো লৈ ক’লে, \wj “তোমালোকৰ কাৰণে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, সেয়ে এই৷\wj* \p \v 21 \wj কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁতা জন মোৰে সৈতে মেজতে আছে।\wj* \v 22 \wj কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল,\wj*\f + \fr 22:22 \fr*\ft পাঁ 2:23; 4:28\ft*\f* \wj তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ’ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হব, তেওঁ সন্তাপৰ পাত্ৰ!”\wj* \v 23 তাতে তেওঁলোকৰ মাজৰ কোনে এই কৰ্ম কৰিব, সেই বিষয়ে ইজনে সিজনে সোধা-সুধি কৰিবলৈ ধৰিলে। \s শিষ্য সকলক অনুযোগ কৰা, আৰু পিতৰক সতৰ্ক কৰা \p \v 24 তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হ’ব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হ’ল।\f + \fr 22:24 \fr*\ft মথি 20:25, 26; মাৰ্ক 9:34: 10:42; লূক 9:46\ft*\f* \v 25 কিন্তু তেওঁ তেওঁলোকক ক’লে, \wj “অনা-ইহুদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়।\wj* \p \v 26 \wj কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক।\wj* \v 27 \wj কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ৷\wj*\f + \fr 22:27 \fr*\ft মথি 20:26-28; যো 13:13, 14; ফিল 2:7 \ft*\f* \p \v 28 \wj কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷\wj* \v 29 \wj মোৰ পিতৃয়ে যেনেকৈ মোক ৰাজ্য দান কৰিলে, সেইদৰে তোমালোককো মই ৰাজ্য\wj*\f + \fr 22:29 \fr*\ft মথি 8:11; লূক 12:32; 14:15; প্ৰ 19:9\ft*\f* \wj দান কৰিলোঁ,\wj* \v 30 \wj মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।\wj* \p \v 31 \wj চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি ল’ব খুজিলে;\wj* \v 32 \wj কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰু\wj*\f + \fr 22:32 \fr*\ft যো 17: 9, 11, 15\ft*\f* \wj তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।”\wj* \p \v 33 পাছত পিতৰে তেওঁক ক’লে, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছোঁ।” \v 34 তেতিয়া যীচুৱে ক’লে, \wj “হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক জানা, ইয়াকে তিনি বাৰ অস্বীকাৰ নকৰালৈকে, আজি কুকুৰাই ডাক নিদিব।”\wj* \p \v 35 পাছত যীচুৱে তেওঁলোকক ক’লে, \wj “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?”\wj* তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।” \v 36 তেতিয়া তেওঁ তেওঁলোকক ক’লে, \wj “কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে, তেওঁ তাক লওঁক; সেইদৰে জোলোঙাও লওঁক; আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক।\wj* \p \v 37 \wj কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখা\wj*\f + \fr 22:37 \fr*\ft যিচ 53:12\ft*\f* \wj আছে, সেয়ে মোত সিদ্ধ হ’ব লাগে; ‘তেওঁ বিধানহীন সকলৰ লগত গণ্য হ’ল৷’ কিয়নো মোৰেই সম্বন্ধীয় কথা সিদ্ধ হৈ আহিছে।”\wj* \v 38 তেতিয়া তেওঁলোকে ক’লে, “হে প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ তেওঁলোকক ক’লে, \wj “সেয়ে যথেষ্ট।”\wj* \s গেৎচিমানীত যীচুৰ আন্তৰিক যাতনা \p \v 39 পাছত তেওঁ বাহিৰলৈ ওলাই, তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ’ল; আৰু শিষ্য সকল তেওঁৰ পাছে পাছে গ’ল। \v 40 সেই ঠাই পাই তেওঁ তেওঁলোকক ক’লে, \wj “পৰীক্ষাত যেন নপৰা, এই কাৰণে প্ৰাৰ্থনা কৰা।”\wj*\f + \fr 22:40 \fr*\ft মথি 6:13\ft*\f* \p \v 41 পাছত তেওঁ এটা শিলৰ দলি সমান আতৰ গৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি ক’লে, \v 42 \wj “হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়,\wj*\f + \fr 22:42 \fr*\ft যো 5:30; 6:38\ft*\f* \wj তোমাৰেই ইচ্ছা সিদ্ধ হওক।”\wj* \p \v 43 তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি, শক্তি দান কৰিলে। \v 44 পাছত তেওঁ অতি যাতনা পাই\f + \fr 22:44 \fr*\ft যো 12:17; ইব্ৰী 5:7, 8\ft*\f* বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল। \p \v 45 পাছত তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্য সকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক শোকত ভাগৰি শুই যোৱা দেখি ক’লে, \v 46 \wj “তোমালোকে কিয় শুইছা? পৰীক্ষাত যেন নপৰা, এই কাৰণে উঠি প্ৰাৰ্থনা কৰা।”\wj* \s শত্ৰুৰ হাতত সমৰ্পিত হোৱা \p \v 47 তেওঁ কথা কৈ থাকোতেই, বাৰ জন পাঁচনিৰ লগৰ যিহূদাৰ নেতৃত্বত এদল মানুহ আহি সেই ঠাইত উপস্থিত হ’ল। তাতে তেওঁ চুমা খাবলৈ যীচুৰ ওচৰ চাপি গ’ল। \v 48 কিন্তু যীচুৱে তাক ক’লে, \wj “হে যিহূদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছা নে?”\wj* \p \v 49 পাছত কি ঘটিব, তাকে দেখি তেওঁৰ সঙ্গী সকলে ক’লে, “হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিম নে?” \v 50 আৰু তেওঁলোকৰ কোনো এজনে মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। \v 51 তেতিয়া যীচুৱে সমিধান দি ক’লে, \wj “ইয়াকো সহন কৰা।”\wj* পাছে তেওঁৰ কাণ খন চুই, তেওঁক সুস্থ কৰিলে। \p \v 52 তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, মন্দিৰৰ সেনাপতি আৰু পৰিচাৰক সকলক যীচুৱে ক’লে, \wj “যেনেকৈ ডকাইতৰ বিৰুদ্ধে ওলাই আহা, তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলা নে?\wj* \v 53 \wj যেতিয়া মই নিতৌ তোমালোকৰ লগত মন্দিৰত আছিলোঁ, তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা; কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ অধিকাৰ।”\wj* \s পিতৰে যীচুক তিনি বাৰ অস্বীকাৰ কৰা \p \v 54 পাছত তেওঁলোকে তেওঁক ধৰি নিলে, আৰু মহা-পুৰোহিতৰ ঘৰলৈ লৈ গ’ল; কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গ’ল। \v 55 পাছত চোতালৰ মাজ মজিয়াত তেওঁলোকে জুই জ্বলাই একেলগে বহোতে, পিতৰেও তেওঁলোকৰ মাজত বহিল। \p \v 56 তেওঁ বহি থাকোঁতে জুইৰ পোহৰত, কোনো এজনী চাকৰণীয়ে দেখা পাই, তেওঁলৈ একেথৰে চাই ক’লে, “এই মানুহ জনো তেওঁৰ লগত আছিল।” \v 57 কিন্তু তেওঁ অস্বীকাৰ কৰি ক’লে, “হে নাৰী, মই তেওঁক চিনি নাপাও।” \v 58 অলপ সময়ৰ পাছত, আন এজনে তেওঁক দেখা পাই ক’লে, “তুমিও তেওঁলোকৰ মাজৰ এজন।” কিন্তু পিতৰে ক’লে, “হে’ৰা, মই নহওঁ।” \p \v 59 প্ৰায় এঘন্টা মানৰ পাছত, আন কোনো এজনে দৃঢ়কৈ ক’লে, “সঁচা, এই মানুহ জনেই তেওঁৰ লগত আছিল; কিয়নো তেওঁ এজন গালীলীয়া।” \v 60 কিন্তু পিতৰে ক’লে, “হেৰা, তুমি কি কৈছা, মই তেওঁক নাজানোৱেই।” এই কথা কওঁতেই, কুকুৰাই ডাক দিলে। \p \v 61 তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, \wj ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা৷’\wj* \v 62 সেই কথা সুঁৱৰি তেওঁ বাহিৰলৈ গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে।\f + \fr 22:62 \fr*\ft 2 কৰি 7:10, 11\ft*\f* \p \v 63 পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে; \v 64 আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?” \v 65 আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা ক’লে। \s মহাসভাৰ আগত যীচুৰ সোধ-বিচাৰ \p \v 66 পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে, \v 67 তেওঁলোকে ক’লে, “তুমি যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক কোৱা।” কিন্তু তেওঁ তেওঁলোকক ক’লে, \wj “যদিও তোমালোকক কওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা,\wj* \v 68 \wj আৰু যদিও সুধো, তথাপি উত্তৰ নিদিবা।\wj* \p \v 69 \wj কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁ হাতে বহি থাকিব।”\wj*\f + \fr 22:69 \fr*\ft ইব্ৰী 1:3; 8:1\ft*\f* \v 70 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে তুমি ঈশ্বৰৰ পুত্ৰ নে?” যীচুৱে তেওঁলোকক ক’লে, \wj “তোমালোকেই কোৱা যে, মই হওঁ।”\wj* \v 71 তেতিয়া তেওঁলোকে ক’লে, “আমাৰ অন্য সাক্ষ্যৰ কি প্ৰয়োজন আছে? কিয়নো আমি নিজে এওঁৰ মুখৰ পৰাই এতিয়া শুনিলোঁ।” \c 23 \cl 23 অধ্যায় \s পীলাত আৰু হেৰোদৰ আগত যীচুৰ সোধ-বিচাৰ; প্ৰাণদণ্ডৰ আজ্ঞা \p \v 1 ইয়াৰ পাছত তেওঁলোকৰ গোটেই লোক সকলে উঠি পীলাতৰ আগলৈ যীচুক লৈ আহিল৷ \v 2 তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে, এই মানুহজন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত \f + \fr 23:2 \fr*\fq অভিষিক্ত \fq*\ft খ্ৰীষ্ট\ft*\f*ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷” \p \v 3 তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা নে?” তাতে যীচুৱে উত্তৰ দি ক’লে, \wj “তুমিয়েই কৈছা।”\wj* \v 4 তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোক সকলক ক’লে, “মই এই মানুহ জনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ।”\f + \fr 23:4 \fr*\ft ইব্ৰী 7:26; 1 পি 2:22\ft*\f* \v 5 কিন্তু তেওঁলোকে পুণৰ ক’লে, “এই মানুহ জনে গালীল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহুদীয়াত আৰু এতিয়া এই ঠাইতো লোক সকলক উপদেশ দি উচতাই আছে।” \p \v 6 পীলাতে ইয়াকে শুনি, মানুহ জন গালীলীয়া নে? এই বুলি সুধিলে। \v 7 পাছত তেওঁক হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পীলাতে জানিবলৈ পোৱাত, তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল। \p \v 8 যেতিয়া হেৰোদে যীচুক দেখিলে, তেওঁ অতিশয় আনন্দিত হ’ল; কিয়নো বহু দিনৰ পৰা তেওঁক চাবলৈ ইচ্ছা কৰি আছিল৷ তেওঁ তেওঁৰ বিষয়ে শুনিছিল, সেয়ে তেওঁ কৰা পৰাক্ৰম কাৰ্য চাবলৈ তেওঁ আশাও কৰিছিল৷ \v 9 তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে।\f + \fr 23:9 \fr*\ft যিচ 53:7\ft*\f* \v 10 আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল। \p \v 11 পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, \f + \fr 23:11 \fr*\ft যিচ 53:3\ft*\f* ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে। \v 12 সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷ \p \v 13 পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা সকলক আৰু লোক সকলক মাতি গোট খুৱালে৷ \v 14 আৰু তেওঁলোকক ক’লে, “লোক সকলক অপথে নিওঁতা বুলি, এই মানুহ জনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা মই তোমালোকৰ আগত সোধ-বিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালোঁ। \p \v 15 হেৰোদেও একো দোষ নাপালে; কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কর্ম কৰা নাই। \v 16 এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”\f + \fr 23:16 \fr*\ft কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে, 17 পদ: সেই পৰ্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল৷\ft*\f* \v 17 সেই পর্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল। \p \v 18 কিন্তু সকলোৱে একেলগে আটাহ পাৰি ক’লে, “ইয়াক দূৰ কৰক; বাৰাব্বাক আমাৰ বাবে মুকলি কৰক।”\f + \fr 23:18 \fr*\ft পাঁ 3:14\ft*\f* \v 19 সেই বাৰাব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল। \p \v 20 তাতে পীলাতে যীচুক মুকলি কৰিবলৈ ইচ্ছা কৰি, তেওঁলোকক আকৌ ক’লে, \v 21 কিন্তু তেওঁলোকে আটাহ পাৰি ক’লে, “তাক ক্ৰুচত দিয়ক, ক্রুচত দিয়ক৷” \v 22 তেতিয়া তেওঁ তৃতীয়বাৰো তেওঁলোকক ক’লে, “কিয়? এই মানুহ জনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই; এই হেতুকে এওঁক শাস্তি দি এৰি দিম।” \p \v 23 কিন্তু তেওঁলোকে দাবী কৰিলে; তেওঁক যেন ক্রুচত দিয়া হয়, এই আশয়েৰে আঁকোৰগোজ হৈ বৰ মাতেৰে নিবেদন কৰিলে। তাতে পীলাত তেওঁলোকৰ বৰ মাতত পতিয়ন গ’ল৷ \v 24 তেতিয়া পীলাতে তেওঁলোকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে। \v 25 পাছত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে বন্দীশালত থোৱা যি জনক তেওঁলোকে খুজিছিল, সেই জনক তেওঁ মুকলি কৰি দিলে৷ কিন্তু যীচুক তেওঁলোকৰ ইচ্ছাত শোধাই দিলে। \s ক্ৰুচত যীচুৰ মৃত্যু \p \v 26 পাছত তেওঁলোকে তেওঁক লৈ যাওঁতে গাঁৱৰ পৰা অহা চিমোন নামেৰে এজন কুৰীণীয়া মানুহক ধৰি যীচুৰ পাছে পাছে ক্ৰুচটো লৈ যাবলৈ তেওঁৰ কান্ধত তুলি দিলে। \p \v 27 তাতে মানুহৰ এটা বৃহৎ দল আৰু তেওঁলৈ হিয়া ভুকুৱাই বিলাপ কৰা অনেক মহিলা তেওঁৰ পাছে পাছে গ’ল। \v 28 কিন্তু যীচুৱে তেওঁলোকলৈ ঘূৰি ক’লে, \wj “হে যিৰূচালেমৰ জীয়ৰী সকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তান সকলৰ বাবে ক্ৰন্দন কৰা।\wj* \p \v 29 \wj কিয়নো চোৱা, যি সময়ত বন্ধ্যা তিৰোতা, সন্তান নোহোৱা গর্ভ আৰু পিয়াহ নিদিয়া স্তনক ধন্য বুলিব, এনে কাল আহিছে।\wj* \v 30 \wj তেতিয়া লোক সকলে পর্বতবোৰক ক’বলৈ ধৰিব, ‘আমাৰ ওপৰত পৰা’, উপপর্ব্বতবোৰক কবলৈ ধৰিব, ‘আমাক ঢাকি ধৰা’।\wj*\f + \fr 23:30 \fr*\ft যিচ 2:19; হো 10:8; প্ৰ 6:16\ft*\f* \v 31 \wj কিয়নো কেচা গছত যদি তেওঁলোকে এইবোৰ কর্ম কৰে, তেনেহলে শুকান গছত কি কৰা যাব?”\wj* \p \v 32 সেই সময়ত দুজন দুষ্কর্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ’ল। \p \v 33 পাছত মূৰৰ লাউখোলা\f + \fr 23:33 \fr*\ft আন এটা নাম গলগথা (কালভাৰি) \ft*\f* নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে। \v 34 তেতিয়া যীচুৱে ক’লে, \wj “হে পিতৃ, এওঁলোকক ক্ষমা কৰা;\wj*\f + \fr 23:34 \fr*\ft মথি 5:44; পাঁ 3:17, 7:60\ft*\f* \wj কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।”\wj* পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে। \v 35 আৰু লোক সকলে থিয় হৈ চাই থাকোতে\f + \fr 23:35 \fr*\ft গীত 22:17, 18\ft*\f* শাসনকর্তা সকলে তেওঁক উপহাস কৰি ক’লে, \f + \fr 23:35 \fr*\ft গীত 22:6-8\ft*\f* “ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত \f + \fr 23:35 \fr*\fq অভিষিক্ত \fq*\ft খ্ৰীষ্ট\ft*\f*আৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।” \p \v 36 সেনাবোৰেও ওচৰলৈ আহি, তেওঁক চিৰকা যাচি\f + \fr 23:36 \fr*\ft গীত 69:21\ft*\f* ঠাট্টা কৰি ক’লে, \v 37 “আপুনি যদি ইহুদী সকলৰ ৰজা হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।” \v 38 আৰু “এওঁ ইহুদী সকলৰ ৰজা”। এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে। \p \v 39 তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কর্মীৰ এজনে তেওঁক নিন্দা কৰি ক’লে, “আপুনি খ্ৰীষ্ট নহয় নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক।” \v 40 কিন্তু আনজনে সেই দুষ্কৰ্মীক ডবিয়াই ক’লে, “তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে? \v 41 আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷” \p \v 42 পাছত তেওঁ ক’লে, “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।” \v 43 যীচুৱে তেওঁক ক’লে, \wj “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”\wj* \p \v 44 তেতিয়া বাৰ মান বজাৰ সময় হ’ল আৰু তিনি বজালৈকে গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল; \v 45 সূর্যও লুপ্ত হৈ গ’ল আৰু মন্দিৰৰ আঁৰ-কাপোৰ\f + \fr 23:45 \fr*\ft ইব্ৰী 10:19, 20\ft*\f* খন মাজেদি ফাটি গ’ল। \p \v 46 পাছত যীচুৱে বৰ মাতেৰে ক’লে, \wj “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷”\wj*\f + \fr 23:46 \fr*\ft গীত 31:5\ft*\f* এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে। \v 47 তেতিয়া যি যি হ’ল, তাকে দেখি, এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, “এই মানুহ জন সঁচাকৈ ধাৰ্মিক আছিল।” \p \v 48 এই দৃশ্য চাবলৈ যি সকল লোক আহিছিল, তেওঁলোকে এই সকলো ঘটনা দেখি হিয়া ভুকুৱাই উলটি গ’ল৷ \v 49 কিন্তু তেওঁৰ চিনাকি লোক আৰু যি তিৰোতা সকল গালীল প্ৰদেশৰ পৰা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকেও আতৰত থিয় হৈ এইবোৰ ঘটনা চাই আছিল। \s যীচুক মৈদাম দিয়া \p \v 50 তেতিয়া তাত উপস্থিত থকা ইহুদী সকলৰ অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে উত্তম আৰু ধাৰ্মিক হিচাপে জনাজাত যি ধার্মিক মেলুৱৈ জন আছিল, \v 51 সেই মেলুৱৈ জনে তেওঁলোকৰ আলোচনা আৰু কর্মত সন্মতি দিয়া নাছিল৷ তেওঁ অৰিমাথিয়াৰ পৰা আহিছিল৷ এই চহৰ খন আছিল ইহুদী লোকৰ চহৰ৷ তেওঁ ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷\f + \fr 23:51 \fr*\ft লূক 2:25, 38\ft*\f* \p \v 52 এই ব্যক্তি জনে পীলাতৰ ওচৰলৈ গৈ যীচুৰ দেহ বিচাৰিলে। \v 53 পাছত তেওঁক নমাই শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই, আগেয়ে কোনো ব্যক্তিৰ দেহ নোথোৱা শিলত খান্দি উলিওৱা এটা মৈদামত শুৱাই থ’লে। \p \v 54 সেইদিন আয়োজনৰ দিন আছিল আৰু বিশ্ৰামবাৰো ওচৰ চাপিছিল। \v 55 তাতে তেওঁৰ সৈতে গালীল প্ৰদেশৰ পৰা অহা তিৰোতা সকলে\f + \fr 23:55 \fr*\ft লূক 8:2, 3\ft*\f* তেওঁৰ দেহ কেনেকৈ থোৱা হ’ল, সেই বিষয়ে চাবলৈ আহিছিল৷ \v 56 পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল’লে। \c 24 \cl 24 অধ্যায় \s যীচুৰ পুনৰুত্থান, শিষ্য সকলক দৰ্শন দিয়া \p \v 1 কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দোকমোকালিতে, তেওঁলোকে যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ মৈদামৰ ওচৰলৈ আহিল। \v 2 তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে। \v 3 পাছত তেওঁলোক মৈদামৰ ভিতৰলৈ সোমাই গ’ল কিন্তু তাত প্ৰভু যীচুৰ দেহ দেখা নাপালে। \p \v 4 তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোতে, সেই ঠাইত চক্‌মকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ’ল। \v 5 পাছত তিৰোতা সকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোতে, সেই দূতে তেওঁলোকক কলে, “তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা?” \p \v 6 “তেওঁ ইয়াত নাই, কিন্তু তেওঁ উঠিল! তেওঁ গালীল প্ৰদেশত থাকোতেই, যি কথা কৈছিল, সেই কথা তোমালোকে সোঁৱৰণ কৰা, \v 7 \wj তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমর্পিত হ’ব আৰু ক্রুচত হত হৈ, তৃতীয় দিনা পুনৰায় উঠিব লাগিব৷”\wj* \p \v 8 সেই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতা সকলৰ মনত পৰাত, \v 9 তেওঁলোকে মৈদামৰ পৰা ঘূৰি গৈ, এঘাৰ জন পাচঁনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সম্বাদ দিলে। \v 10 তেওঁলোকৰ মাজত মগ্দলীনী মৰিয়ম, যোহানা আৰু যাকোবৰ মাক মৰিয়ম আছিল; আৰু তেওঁলোকে সৈতে আন কেইজনীয়েও পাঁচনি সকলক এইবোৰ কথা ক’লে৷ \p \v 11 কিন্তু পাঁচনি সকলৰ দৃষ্টিত সেইবোৰ অনর্থক কথা যেন লগাত, তেওঁলোকে তিৰোতা সকলক অবিশ্বাস কৰিলে। \v 12 তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ, চাপৰি চাই কেৱল শণ সূতাৰ মিহি কাপোৰ কেইখন দেখিলে৷ পাছে যি ঘটিল তাতে তেওঁ বিস্ময় মানি নিজ ঘৰলৈ গুচি গ’ল। \p \v 13 পাছত তেওঁলোকৰ মাজৰ দুজনে সেই দিনাই যিৰূচালেমৰ পৰা চাৰে সাত মাইল দূৰত থকা ইম্মায়ু নামৰ এখন গাঁৱলৈ গৈ আছিল। \v 14 তেওঁলোক দুয়োজনে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈ আছিল। \p \v 15 তেওঁলোকে কথোপকথন আৰু সোধা-সুধি কৰি থাকোতেই, যীচুৱে নিজে ওচৰলৈ আহি তেওঁলোকৰ সৈতে যাব ধৰিলে। \v 16 কিন্তু তেওঁলোকে যেন তেওঁক চিনিব নোৱাৰে, এই কাৰণে তেওঁলোকৰ চকু বন্ধ হ’ল৷ \p \v 17 যীচুৱে তেওঁলোকক সুধিলে, \wj “তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা?”\wj* তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ’ল। \v 18 তেতিয়া ক্লিয়পা নামৰ এজনে উত্তৰ দি ক’লে, “যি যি কথা এই কেইদিনত ঘটি আছে, সেইবোৰ কথা যিৰূচালেমত বাস কৰি কেৱল আপুনিয়ে নাজানে হ’বলা?” \p \v 19 যীচুৱে তেওঁলোকক সুধিলে, \wj “কি কথা?”\wj* তেওঁলোকে তেওঁক ক’লে, যি নাচৰতীয়া যীচু, ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কর্মত আৰু বাক্যত পৰাক্ৰমী ভাববাদী আছিল, \v 20 তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকর্তা সকলে কেনেকৈ দোষী কৰি প্ৰাণদণ্ডৰ অর্থে শোধাই দি ক্রুচত দিলে৷ \p \v 21 কিন্তু যি জনে ইস্ৰায়েল লোকক মুক্ত কৰিব, তেৱেঁই সেই জন বুলি আমি আশা কৰিছিলোঁ। কিন্তু এই সকলোৰ উপৰি এই কথা ঘটা আজি তিনি দিন হৈছে। \p \v 22 ইয়াৰ উপৰি আমাৰ লগৰ কেইবাগৰাকী তিৰোতাইয়ো ৰাতিপুৱাই মৈদামলৈ গৈ আমাক বিস্ময় লগালে; \v 23 কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি ক’লে যে, তেওঁলোকে দূত সকলক দেখা পালে আৰু তেওঁ জীয়াই উঠিল বুলি কোৱা শুনিলে। \v 24 পাছত আমাৰ লগৰ কেইজনমান মানুহ মৈদামলৈ গৈ তিৰোতা সকলে কোৱাৰ দৰেই দেখিলে; কিন্তু তেওঁক দেখা নাপালে। \p \v 25 যীচুৱে তেওঁলোকক ক’লে, \wj “হে নির্ব্বোধ আৰু ভাববাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভোতোহা মনৰ মানুহ!\wj* \v 26 \wj খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নেলাগিছিল নে?”\wj* \v 27 পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে। \p \v 28 এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে। \v 29 কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷” \p \v 30 তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে। \v 31 এনেতে তেওঁলোকৰ চকু মুকলি হ’ল আৰু তেওঁক চিনি পালে; তেতিয়া তেওঁ তেওঁলোকৰ পৰা অদৃশ্য হ’ল। \v 32 পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?” \v 33 সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই, \v 34 তেওঁলোকক ক’লে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।” \v 35 পাছত বাটত যি যি হ’ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক’লে। \s যীচুৰ স্বর্গাৰোহণ \p \v 36 এইবোৰ কথা কৈ থাকোতেই যীচু নিজে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, \wj “তোমালোকৰ শান্তি হওক।”\wj* \v 37 কিন্তু ভূত দেখিছোঁ বুলি ভাবি, তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ’ল। \p \v 38 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, \wj “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে?\wj* \v 39 \wj মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা৷ যি দৰে মোক দেখিছা, সেইদৰে আত্মাৰ হ’লে হাড় আৰু মাংস নাই”;\wj* \v 40 ইয়াকে কৈ তেওঁ নিজৰ হাত-ভৰি তেওঁলোকক দেখুৱালে। \p \v 41 কিন্তু তেওঁলোক আনন্দিত হ’লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক ক’লে, \wj “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?”\wj* \v 42 তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে। \v 43 যীচুৱে তাকে লৈ তেওঁলোকৰ আগত খালে; \v 44 আৰু তেওঁ তেওঁলোকক ক’লে, \wj “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”\wj* \p \v 45 তেতিয়া তেওঁ ধৰ্মশাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে; \v 46 আৰু তেওঁ তেওঁলোকক ক’লে, \wj “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷\wj* \v 47 \wj আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।\wj* \v 48 \wj তোমালোক এই সকলোৰে সাক্ষী আছা।\wj* \v 49 \wj চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”\wj* \p \v 50 পাছত যীচুৱে তেওঁলোকক বৈথনিয়া গাৱঁৰ সন্মূখলৈকে আগবঢ়াই আনি, তেওঁ হাত উঠাই তেওঁলোকক আশীর্বাদ কৰিলে। \v 51 এইদৰে তেওঁলোকক আশীর্বাদ কৰি থকা সময়ত, তেওঁ তেওঁলোকৰ পৰা পৃথক হ’ল আৰু তেওঁক স্বৰ্গলৈ নিয়া হ’ল। \p \v 52 তেতিয়া তেওঁলোকে তেওঁক স্তুতি কৰি, অতি আনন্দেৰে যিৰূচালেমলৈ উলটি আহিল; \v 53 আৰু সদায় মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।